spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়আম্বানীৰ ৫৯২ কোটিটকীয়া ঘৰক লৈ চৰ্চা : দেশ এৰিব নেকি আম্বানীয়ে ?

আম্বানীৰ ৫৯২ কোটিটকীয়া ঘৰক লৈ চৰ্চা : দেশ এৰিব নেকি আম্বানীয়ে ?

নতুন দিল্লী: ৰিলায়েন্স গ্ৰুপৰ স্বত্বাধিকাৰী তথা দেশৰ ধৰ্নাঢ্য ব্যক্তি মুকেশ আম্বানীৰ নতুন ঠিকনাক লৈ তীব্ৰ কৌতুহলৰ সৃষ্টি হৈছে৷ শেহতীয়াকৈ লণ্ডনত এটা নতুন ঘৰ লোৱাৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে শুকুৰবাৰে এয়া ভিত্তিহীন তথ্য বুলি গণ্য কৰিছে আম্বানীয়ে।

শেহতীয়াকৈ বহুকেইটা সংবাদ মাধ্যমে মুম্বাইৰ ‘এণ্টিলিয়া’ নামৰ বাসভৱনটো থকাৰ উপৰি আম্বানীয়ে লণ্ডনত ৩০০ একৰ মাটিৰে আগুৰা এটা ঘৰ ক্ৰয় কৰি দেশ এৰিব এক বাতৰি প্ৰচাৰ কৰিছিল৷ ইয়াৰ পাছতে এক বিবৃতিযোগে জানিবলৈ দিয়ে যে আম্বানীৰ পৰিয়ালে লণ্ডন বা অন্য কোনো স্থানত স্থায়ীভাৱে বাস কৰিবলৈ যোৱাৰ কোনো পৰিকল্পনা নাই৷

কেৱল সেয়াই নহয় বাকিংহামশ্বায়াৰ মেনছনত আছে এখন সৰু চিকিৎসালয়ো। এগৰাকী ব্ৰিটিছ টিকিৎসকৰ নেতৃত্বত পৰিচালিত হয় এই চিকিৎসালয়খন। আম্বানী পৰিয়ালৰ বেমাৰ-আজাৰ হ’লে প্ৰথমে এই চিকিৎসালয়খনতে জৰুৰীকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰিব।

বাকিংহামশ্বায়াৰ মেনছন যি স্থানত অৱস্থিত সেই স্থানক ষ্টক পাৰ্ক বুলিও জনা যায়। ষ্টক পাৰ্ক বিতোপন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ। আম্বানীয়ে ৫৯২ কোটি টকাৰ বিনিময়ত এই ভৱনটো ক্ৰয় কৰে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত বাকিংহামশ্বায়াৰ মেনছনত আছে ৪৯টা শোৱনী কোঠাও।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular