spot_img
24 C
Guwahati
24 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকচিকিৎসালয়, হোটেলত অগ্নিকাণ্ড : কথমপি ৰক্ষা শতাধিক শিশু

চিকিৎসালয়, হোটেলত অগ্নিকাণ্ড : কথমপি ৰক্ষা শতাধিক শিশু

ডিজিটেল ডেস্ক : বুধবাৰে নিশা ৰাজ্যত সংঘটিত হয় দুটাকৈ অগ্নিকাণ্ডৰ ঘটনা৷ ডিব্ৰুগড়ৰ AMCHৰ শিশুৰোগ বিভাগত সংঘটিত হোৱা অগ্নিকাণ্ডত জ্বলি ছাৰখাৰ হয় এটা ICU মনিটৰ। চিকিৎলায়খনত থকা  শতাধিক শিশুৱে এই ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা জুই অগ্নিনিৰ্বাপক বাহিনীৰ তত্পৰতাত নিৰ্বাপিত হয়।  

ইপিনে উত্তৰ গুৱাহাটীৰ আমিনগাঁও চাৰিআলীতো বিধ্বংসী অগ্নিকাণ্ডত জ্বলি ভস্মিভূত হয় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডত বিস্ফোৰিত হয় কেইবাটাকৈ কমাৰ্চিয়েল চিলিণ্ডাৰ৷ ১০টাৰো অধিক ছাগলী আৰু ৫০ৰো অধিক মুৰ্গী ভস্মিভূত হয় এই ঘটনাত৷ জুইৰ লেনিহান শিখাই নিমিষতে চাৰাখাৰ কৰিলে আমিনগাঁও চৌধুৰী হোটেল। 

শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ সম্পূৰ্ণৰূপে ভস্মিভূত চৌধুৰী হোটেল, আখতাৰ মাংস দোকান আৰু আন দুখনকৈ দোকান। অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপিত কৰে জুই। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মিভূত। 

#অগ্নিকাণ্ডত সকলো হৰুৱাই সৰ্বশ্ৰান্ত ব্যৱসায়ী প্ৰদীপ চৌধুৰী আৰু আখতাৰ হুছেইন ।  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular