চীনৰ বিৰুদ্ধে আমেৰিকাৰ গোপন প্ৰস্তুতি! বিপদত পৰিব জিন পিঙৰ দেশ

ৱাশ্বিংটন : চীনৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে আমেৰিকাই। চীনৰ বিৰুদ্ধে অৰ্থনৈতিক, কূটনৈতিক নে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হোৱাইট হাউছে স্পষ্ট কৰা নাই দিও দেশখনৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ক্ষোভ-ক্ৰোধ প্ৰশমিত যে হোৱা নাই সেইকথা স্পষ্ট হৈ পৰিছে শেহতীয়া এটা ঘোষণাত। ক’ভিডৰ বিশ্বজোৰা সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ৰে পৰা ৱাশ্বিংটন আৰু বেইজিঙৰ সম্পৰ্কৰ অৱনতি হৈছিল আৰু ই এতিয়া অধিক তিক্ত ৰূপ লৈছে।

আৰু পঢ়িব পাৰিব : চোৰাংচোৱাৰ শেনচকু: ফেচবুক, ইনষ্টাগ্ৰামকে ধৰি ৮৯ টা এপ ব্য়ৱহাৰ কৰিব নোৱাৰিব ভাৰতীয় সেনাই

ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনৰ ক’ভিড ব্যৱস্থাপনাক লৈ মুকলিকৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চীনৰ অসাৱধানতা আৰু দায়িত্বহীনতাৰ বাবই এই ভাইৰাছে মহামাৰীৰ ৰূপ লোৱা বুলি একাধিকবাৰ অভিযোগ কৰিছিল। চীনে হংকঙত নতুন ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিয়া, আমেৰিকান সাংবাদিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা, উইঘূৰ মুছলমানসকলক অমানৱীয় ব্যৱহাৰ কৰাৰ লগতে তিব্বতত অনুচিত আধিপত্য বিস্তাৰ কৰা দৰে বিষয়ক লৈও আমেৰিকাই সকীয়নি দি আহিছিল চীনক। শেহতীয়াকৈ চীনৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ ইংগিত দাঙি ধৰিছে হোৱাইট হাউছে।

আৰু পঢ়িব পাৰিব : জম্মু-কাশ্মীৰত থানাৰ সমুখতে পিতৃ-ভাতৃসহ বিজেপি নেতাক গুলীয়াই হত্যা

হোৱাইট হাউছৰ প্ৰেছ সচিব কেলেইঘ মেকএনানিয়ে বুধবাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে, চীনৰ বিৰুদ্ধে ভালেমান নতুন ব্যৱস্থা গ্ৰহণৰ বিষয়ে শীঘ্ৰেই সকলোৱে গম পাব। এই সম্পৰ্কে তেওঁ নিশ্চিতি প্ৰকাশ কৰে দিও এয়া কি ধৰণৰ ব্যৱস্থা হ’ব সেয়া প্ৰকাশৰ পৰা বিৰত থাকে। প্ৰেছ সচিবগৰাকীৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে, এইবাৰ চীনক অধিক চাপত পেলোৱাৰ বাবে গোপন প্ৰস্তুতিত লিপ্ত হৈছে ড’নাল্ড ট্ৰাম্পৰ আমেৰিকা ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES