--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা নিশা প্ৰশান্ত দত্তই সপোনত তিনিভাগ শিৱমূৰ্তি দৰ্শন কৰিছিল আৰু ইয়াৰে এভাগ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে শিৱ বাবাই বিশেষ নিৰ্দেশ দিছিল। আচৰিত কথাটো হ'ল— পিছদিনা পুৱাই তেওঁৰ পৰিয়ালে ঘৰৰ চোতালৰ এটা কলপুলিৰ তলত হুবহু একেটা শিৱমূৰ্তি প্ৰত্যক্ষ কৰে।

ডিজিটেল ডেস্ক: বিশ্বাস আৰু অলৌকিকতাৰ এক আচৰিত ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আমগুৰিৰ ম'ৰাবজাৰ ধেনুচোঁচা গাঁৱত। গাঁৱখনৰে প্ৰশান্ত দত্ত নামৰ এজন লোকৰ চোতালত মাটি ফূটি ওলাইছে এক শিৱমূৰ্তি। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত তীব্ৰ কৌতুহল আৰু ভক্তিভাৱৰ সৃষ্টি হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা প্ৰশান্ত দত্তই সপোনত তিনিভাগ শিৱমূৰ্তি দৰ্শন কৰিছিল আৰু ইয়াৰে এভাগ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে শিৱ বাবাই বিশেষ নিৰ্দেশ দিছিল। আচৰিত কথাটো হ'ল— পিছদিনা পুৱাই তেওঁৰ পৰিয়ালে ঘৰৰ চোতালৰ এটা কলপুলিৰ তলত হুবহু একেটা শিৱমূৰ্তি প্ৰত্যক্ষ কৰে। শিৱবাবাই সপোনত আজি সন্ধিয়াৰ ভিতৰত মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিবলৈ কৈছিল সেই অনুসৰিয়েই প্ৰশান্ত দত্তৰ পৰিয়ালে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিবৰ বাবে ব্যৱস্থা হাতত লৈছে।


প্ৰশান্ত দত্তই কোৱা অনুসৰি শিৱবাবাই সপোনত মন্দিৰভাগৰ নাম ‘মহাদেৱ মন্দিৰ’ ৰাখিবলৈ দিছে। সেই অনুসৰি মন্দিৰভাগৰ নাম ‘মহাদেৱ মন্দিৰ’ ৰখা হ’ব।


স্থানীয় লোকে কোৱা অনুসৰি শিৱমূৰ্তিভাগ প্ৰথমে অলপহে ওলাই আছিল কিন্তু লাহে লাহে নিজে নিজে মাটিৰ পৰা বহুখিনি ওপৰলৈ ওলাই আহিল।


এই অলৌকিক বাতৰিটো বিয়পি পৰাৰ লগে লগে আজি পুৱাৰ পৰাই শিৱমূৰ্তিভাগ দৰ্শন কৰিবলৈ আৰু সেৱা লবলৈ অগণন লোকৰ সমাগম ঘটিছে। ভক্তপ্ৰাণ ৰাইজে পৱিত্ৰ মনেৰে শিৱমূৰ্তিত গাখীৰ ঢালি, ধূপ-বন্তি প্ৰজ্বলন কৰি ‘হৰ হৰ মহাদেৱ’ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।


স্থানীয় ৰাইজৰ মতে এয়া দেৱত্বৰ উপস্থিতি আৰু মহাদেৱৰ এক পবিত্ৰ অলৌকিক আশীৰ্বাদ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী