ডিজিটেল ডেস্ক: বিশ্বাস আৰু অলৌকিকতাৰ এক আচৰিত ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আমগুৰিৰ ম'ৰাবজাৰ ধেনুচোঁচা গাঁৱত। গাঁৱখনৰে প্ৰশান্ত দত্ত নামৰ এজন লোকৰ চোতালত মাটি ফূটি ওলাইছে এক শিৱমূৰ্তি। এই ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত তীব্ৰ কৌতুহল আৰু ভক্তিভাৱৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা প্ৰশান্ত দত্তই সপোনত তিনিভাগ শিৱমূৰ্তি দৰ্শন কৰিছিল আৰু ইয়াৰে এভাগ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ বাবে শিৱ বাবাই বিশেষ নিৰ্দেশ দিছিল। আচৰিত কথাটো হ'ল— পিছদিনা পুৱাই তেওঁৰ পৰিয়ালে ঘৰৰ চোতালৰ এটা কলপুলিৰ তলত হুবহু একেটা শিৱমূৰ্তি প্ৰত্যক্ষ কৰে। শিৱবাবাই সপোনত আজি সন্ধিয়াৰ ভিতৰত মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিবলৈ কৈছিল সেই অনুসৰিয়েই প্ৰশান্ত দত্তৰ পৰিয়ালে মূৰ্তিভাগ প্ৰতিষ্ঠা কৰিবৰ বাবে ব্যৱস্থা হাতত লৈছে।
প্ৰশান্ত দত্তই কোৱা অনুসৰি শিৱবাবাই সপোনত মন্দিৰভাগৰ নাম ‘মহাদেৱ মন্দিৰ’ ৰাখিবলৈ দিছে। সেই অনুসৰি মন্দিৰভাগৰ নাম ‘মহাদেৱ মন্দিৰ’ ৰখা হ’ব।
স্থানীয় লোকে কোৱা অনুসৰি শিৱমূৰ্তিভাগ প্ৰথমে অলপহে ওলাই আছিল কিন্তু লাহে লাহে নিজে নিজে মাটিৰ পৰা বহুখিনি ওপৰলৈ ওলাই আহিল।
এই অলৌকিক বাতৰিটো বিয়পি পৰাৰ লগে লগে আজি পুৱাৰ পৰাই শিৱমূৰ্তিভাগ দৰ্শন কৰিবলৈ আৰু সেৱা লবলৈ অগণন লোকৰ সমাগম ঘটিছে। ভক্তপ্ৰাণ ৰাইজে পৱিত্ৰ মনেৰে শিৱমূৰ্তিত গাখীৰ ঢালি, ধূপ-বন্তি আৰু বন্তি প্ৰজ্বলন কৰি ‘হৰ হৰ মহাদেৱ’ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।
স্থানীয় ৰাইজৰ মতে এয়া দেৱত্বৰ উপস্থিতি আৰু মহাদেৱৰ এক পবিত্ৰ অলৌকিক আশীৰ্বাদ।