Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকআজি অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্ৰীয় দুই প্ৰভাৱশালী নেতা

আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্ৰীয় দুই প্ৰভাৱশালী নেতা

গুৱাহাটী : সমাগত অসম বিধানসভা নিৰ্বাচন ২০২১৷ এনে সময়ত বিজেপিৰ হৈ ৰণডংকা বজাবলৈ ৰাজ্যত উপস্থিত হৈছে বহু ৰাষ্ট্ৰীয় নেতাৰ৷ আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাব আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

আৰু পঢ়িব পাৰিব :এখন ব্যতিক্ৰমী বিয়া : ৰক্তদানেৰে দৰাৰ মহৎ পদক্ষেপ

মাৰ্ঘেৰিটা-নাজিৰাত অমিত শ্বাহে অংশ ল’ব ৰাজহুৱা সভাত৷ মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ৷ কংগ্ৰেছৰ দুৰ্গখ্যাত নাজিৰাত ৰণশিঙা বজাব শ্বাহে৷ নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বুঢ়াগোহাঁইৰ হৈ চলাব প্ৰচাৰ৷

আৰু পঢ়িব পাৰিব : ডাঃ ৰশ্মিৰেখা বৰদলৈৰ তৎপৰতাত বিপদৰ পৰা ৰক্ষা পৰিল প্ৰসূতি

ইপিনে অসমৰ ৩টা স্থানত ৰাজনাথ সিঙে চলাব নিৰ্বাচনী প্ৰচাৰ৷ বিশ্বনাথ-গহপুৰৰ ৰাজহুৱা জনসভাত অংশ ল’ব সিঙে৷ চাহ বাগিচাৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাব ৰাজনাথে৷ বিয়লি দেৰগাঁৱতো প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্রীয় নেতাজনে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular