spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeমনোৰঞ্জনঅমিতাভৰ সৈতে শ্বুটিং! কপিলৰ বাবে কিমান অপেক্ষাৰ ক্ষণ গণিলে ‘বিগ বি’-এ ?

অমিতাভৰ সৈতে শ্বুটিং! কপিলৰ বাবে কিমান অপেক্ষাৰ ক্ষণ গণিলে ‘বিগ বি’-এ ?

নতুন দিল্লীঃ ‘লেট লতিফ’ হিচাপে খ্যাত তেওঁ! বলীউডৰ নামী-দামী তাৰকাৰ সৈতে তেওঁৰ আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। বিশ্বৰ বহু তাৰকা অভিনেতা, অভিনেত্ৰী,ক্ৰীড়াবিদে তেওঁৰ অনুষ্ঠানৰ অতিথি হোৱা আমি ইতিমধ্যে দেখিবলৈ পাইছো। কৌতুকক এক অনন্য মাত্ৰা প্ৰদান কৰা এইগৰাকী ব্যক্তি হৈছে কপিল শৰ্মা। শেহতীয়াকৈ, পুনৰ কপিল শৰ্মাৰ প্ৰসংগই চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। অলপতে ছ’চিয়েল মিডিয়াত ছনী এণ্টাৰটেইনমেণ্টে ‘কৌন বনেগা কড়োৰপতি’ৰ আগন্তুক খণ্ডটোৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে। প্ৰ’ম’টোৱে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’ প্ৰ’ম’টোত কপিল-অমিতাভৰ কথোপকথনে শ্ৰোতা-দৰ্শকৰ অন্তৰ চুই গৈছে। উল্লেখ্য যে, ‘কৌন বনেগা কড়োৰপতি’ৰ শেহতীয়া খণ্ডটিত অমিতাভৰ অতিথি হ’ব কপিল শৰ্মা। লগত আছে বলীউড তাৰকা চনু ছুদ।

ভিডিঅ’টোত দেখুওৱা মতে, কৌতুক অভিনেতাজনে অনুষ্ঠানটোত প্ৰৱেশ কৰিয়েই ‘ৰিমজিম গিৰে চাৱন’ গীতৰ কলি গুণগুণাবলৈ ধৰে। গীতটো শেষ হোৱাৰ লগে লগে অমিতাভে কপিলক তেওঁ পলমকৈ অহাৰ কথা মনত পেলাই দিয়ে। অমিতাভে কয়, ‘আজি আপুনি সঠিক সময়তে আহিছে। আপোনাক প্ৰায় ১২ বজাতে লগ পোৱাৰ কথা আছিল আৰু আপুনি ঠিক ৪:৩০বজাত উপস্থিত হৈছে। অমিতাভৰ কথা শুনি হাঁহি ধৰি ৰাখিব নোৱাৰিলে কপিলে। উল্লেখ্য যে, যিকোনো অনুষ্ঠানলৈ পলমকৈ অহাটো কপিলৰ নতুন অভ্যাস নহয়। ঘুনুক-ঘানাককৈ শুনিবলৈ পোৱা যায়। কেইবাবছৰ আগতে এটা দৃশ্যগ্ৰহণৰ সময়ত অজয় দেৱগন আৰু শ্বাহৰুখ খানৰ দৰে বলীউড তাৰকায়ো কপিলৰ বাবে বহুপৰ অপেক্ষা কৰিবলগীয়া হৈছিল বুলি শুনিবলৈ পোৱা যায়। অৱশেষত, হেনো সেই শ্বুটিং বাতিল কৰাও হৈছিল। বাৰু যি কি নহওক, হাঁহি,ধেমালিৰ মাজেৰে যে এই খণ্ডটো অধিক উপভোগ্য হৈ পৰিব প্ৰ’ম’ চাইয়ে উপলব্ধি কৰিছে শ্ৰোতা-দৰ্শকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular