spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকএমট্ৰ’নৰ একাউণ্টৰ পৰা হৰলুকি ২.৫৭ কোটি, অভিযুক্ত কোন? তদন্ত অব্যাহত চিআইডিৰ...

এমট্ৰ’নৰ একাউণ্টৰ পৰা হৰলুকি ২.৫৭ কোটি, অভিযুক্ত কোন? তদন্ত অব্যাহত চিআইডিৰ…

গুৱাহাটী: অপৰাধমুক্ত কৰাৰ বাবে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাই নানাধৰণৰ বিজ্ঞানসন্নত কৌশল অৱলম্বন কৰিছে যদিও কিছু কিছু ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। ৰাজ্যৰ ভিন্নস্থানত অব্যাহত আছে অপৰাধজনিত ঘটনা। এইবাৰ পোহৰলৈ আহিছে কোম্পানীৰ একাউণ্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ ঘটনা৷ এমট্ৰ’ন নামৰ প্ৰতিষ্ঠানটোত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ এমট্ৰ’নৰ একাউণ্টৰ পৰা ২.৫ ৭ কোটি টকা হৰলুকি হোৱাৰ পাছতে তদন্ত আৰম্ভ কৰিছে চিআইডি-এ৷ ঘটনা সন্দৰ্ভত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আৰক্ষী বিভাগত৷

ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বৃহস্পতিবাৰে নিশাই গ্ৰেপ্তাৰ কৰা হয় কাৰ্যালয়ৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক৷ উল্লেখ্য যে ঘটনাৰ সন্দৰ্ভত এমট্ৰন কৰ্তৃপক্ষই এজাহাৰ দিছিল পাণবজাৰ থানাত আৰু বেংক কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰিছিল চিআইডিক৷ মুঠ ২ কোটি ৫৭ লাখ টকা চুৰি হৈছিল এমট্ৰনৰ একাউণ্টৰ পৰা৷ জানিব পৰা মতে আৰটিজিএছ কৰি অন্য কেইবাটাও একাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল টকাখিনি৷

ইতিমধ্যে একাউণ্টসমূহ বন্ধ কৰিছে চিআইডিৰ বিশেষ দলে৷ এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক চিআইডিৰ মুখ্য কাৰ্যালয়ত জেৰা চলাই থকা হৈছে৷ ৮ নৱেম্বৰত বেংক অব মহাৰাষ্ট্ৰ, পাণবজাৰ শাখাৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছিল ২.৫৭ কোটি টকা৷ ৰাহুল হুজুৰীৰ মেইলৰ পৰা ৮ নৱেম্বৰত বেংক কৰ্তৃপক্ষলৈ মেইল কৰা হৈছিল৷ অৱশ্যে ৰাহুল হুজুৰীয়ে নিজৰ মেইল হেক কৰা বুলি জেৰাত ভাষ্য প্ৰদান কৰে৷ কিন্তু ইমান সংখ্যক ধন ট্ৰেন্সফাৰ কৰা সন্দৰ্ভত এমট্ৰ’নৰ কৰ্তৃপক্ষ জ্ঞাত নাছিল বুলি জানিবলৈ দিয়ে এমট্ৰ’নৰ পৰিচালন সঞ্চালক মহেন্দ্ৰ কুমাৰ যাদৱে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular