spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকনতুন কৌশল! একে-৪৭ এৰি কিয় ধনু-কাঁড় হাতত তুলি ল'লে আনন্দ মিশ্ৰ বাহিনীয়ে?

নতুন কৌশল! একে-৪৭ এৰি কিয় ধনু-কাঁড় হাতত তুলি ল’লে আনন্দ মিশ্ৰ বাহিনীয়ে?

ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি অপৰাধ নিৰ্মূলৰ বাবে উঠি-পৰি লাগিছে অসম আৰক্ষী। বিশেষকৈ অসমৰ চুকে-কোণে শিপাই যোৱা ড্ৰাগছৰ জগতখন যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হৈছে বহু দাগী অপৰাধী। ছুপাৰ কপ আনন্দ মিশ্ৰৰ নেতৃত্বত এইবাৰ যেন এক সুকীয়া ৰূপ পাইছে নগাঁও আৰক্ষীয়ে।

নিজৰ কৰ্মদক্ষতাৰ বাবে জনপ্ৰিয় হোৱা আনন্দ মিশ্ৰই সমুখৰপৰা সবল নেতৃত্ব দিছে নগাঁও আৰক্ষীক। কৰায়ত্ত কৰিছে বহু কুখ্যাত অপৰাধী। হঠাৎ ধনু-কাঁড়, যাঠি-জোং হাতত তুলি ল’লে আনন্দ মিশ্ৰ বাহিনীয়ে। অত্যাধুনিক একে-৪৭, এছএলআৰ ৰাইফল, ছাবমেচিন গান, পিষ্টল আদি অস্ত্ৰ এৰি ধনু-কাঁড় হাতত তুলি ল’লে আৰক্ষীয়ে। নগাঁও আৰক্ষী ছাউনীত এক ব্যতিক্ৰমী ৰূপত দেখা গ’ল আৰক্ষীৰ জোৱানসকলক। পিছে কোনো আইন-শৃংখলা ৰক্ষাৰ বাবে নহয়, অসমীয়া ভাওনাৰ বাবেহে নগাঁও আৰক্ষীৰ এই নতুন ৰূপ। প্ৰতিবছৰে লক্ষী পূজাৰ পিছদিনা নগাঁও আৰক্ষীয়ে অনুষ্ঠিত কৰি আহিছে অসমীয়া ভাওনা। এইবাৰো নগাঁও আৰক্ষীৰ জোৱানসকলে মঞ্চস্থ কৰিলে ‘অশ্বকৰ্মা বধ’ নামৰ অংকীয়া নাটখন। আৰক্ষীৰ অভিনয় চাবলৈ নগাঁও আৰক্ষী ছাউনীৰ প্ৰেক্ষাগৃহত সমাগম ঘটিল বহু দৰ্শকৰ। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই শুভ উদ্বোধন কৰা অসমীয়া ভাওনাখনত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰে নগাঁও আৰক্ষীৰ বিষয়া তথা জোৱানসকলে। দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে আৰক্ষীৰ অভিনয়ে। সন্ধিয়া ৬ বজাত আৰম্ভ হোৱা নাটখনৰ সামৰণি পৰে নিশা ৯ বজাত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular