spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকঅনন্য অতুলঃ নিজ হাতে পঞ্চামৃত খুৱালে তিনি ভাগিনক

অনন্য অতুলঃ নিজ হাতে পঞ্চামৃত খুৱালে তিনি ভাগিনক

বোকাখাট : নিজ হাতে তিনি ভাগিনক পঞ্চামৃত খুৱালে এগৰাকী জেষ্ঠ কেবিনেট মন্ত্ৰীয়ে৷ হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি মন্ত্ৰীজনে পালন কৰিলে পিতৃ আৰু মামাকৰ দ্বায়িত্ব ৷ পঞ্চামৃত খুৱাই মন্ত্ৰীজনে এতিয়া সকলোৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ জেষ্ঠ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক দেওবাৰে দেখা যায় এই কাৰ্যসূচীত৷

বৰাই তিনি ভাগিনক একেলগে অন্ন প্ৰাসন্ন কৰাৰ লগতে তিনি কন্যাক পাঁচ মাহৰ গৰ্ভাৱতী অৱস্থাত পঞ্চামৃত খুৱাই পালন কৰে নিজ দায়িত্ব৷ অতুল বৰাৰ লগত ভগ্নীৰ দ্বায়িত্ব পালন কৰিছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, বোকাখাতৰ মহকুমাধিপতী ডাঃ নেহা যাদৱে৷ পিছে এইয়া নিজৰ পৰিয়ালৰ নহয়,চৰকাৰী দ্বায়িত্বহে পালন কৰিলে দুয়োগৰাকীয়ে ৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনে আয়োজন কৰা বিশেষ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰীজনে ৷

ইয়াৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসনে পৰিপুষ্টিহীনতাত ভোগা শিশুৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিশেষকৈ চাহবাগিছা অঞ্চলত এনে ৰোগত ভোগা শিশুৰ বাবে এখন ম’বাইল মেডিকেল ভান মুকলি কৰে মন্ত্ৰীজনে ৷ ভানখনত স্বাস্থ্যকৰ্মীয়ে গৈ শিশুৰ স্ব-গৃহতে চিকিৎসা প্ৰদান কৰিব জানিবলৈ দিয়ে অতুল বৰাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular