spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeৰাষ্ট্ৰীয়আবতৰীয়া বানত ৩জন লোকৰ মৃত্যু, হাহাকাৰ পৰিস্থিতি

আবতৰীয়া বানত ৩জন লোকৰ মৃত্যু, হাহাকাৰ পৰিস্থিতি

ডিজিটেল ডেস্ক : প্ৰৱল বৃষ্টিপাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে অন্ধ্ৰপ্ৰদেশৰ কেইবাখনো জিলাত৷ ৰাজ্যখনৰ কেইবাখনো জিলা আবতৰীয়া বানৰ কৱলত পৰিছে। বিশেষকৈ চিট্টৰ, কৰপ্পা আৰু নেল্লুৰ অঞ্চলত বান পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে।

জিলাকেইখনত ঘৰ-দুৱাৰ, মঠ-মন্দিৰ, অনুষ্ঠান-প্ৰতিষ্ঠান সকলোতে এতিয়া বানপানী। বানপানীৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ বাতৰি আহি পৰিছে। লগতে বাছৰ ভিতৰতো মৃতদেহ উদ্ধাৰ হৈছে। ৰাজ্যখনত বানৰ কৱলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমানেও অৰ্ধ-শতাধিক লোক এতিয়াও সন্ধানহীন হৈ আছে।

জিলাকেইখনত বন্যাৰ্তক এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিমানৰ উৰণৰ যাত্ৰা বাতিল কৰা হৈছে। ফলত আবদ্ধ হৈ পৰিছে বহু তীৰ্থযাত্ৰী। পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে প্ৰশাসন। ৰাজ্যখনত হাইএলাৰ্ট জাৰি কৰিছে প্ৰশাসনে। পাহাৰীয়া কেইবাখনো ঠাইত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular