spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকজ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আৰু নাই

জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আৰু নাই

গুৱাহাটী : বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ যোৱা নিলয় দত্ত আৰু ঘূৰি নাহিল তেওঁৰ প্ৰিয় অসমলৈ৷ এক অপূৰণীয় ক্ষতি৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অধিবক্তা নিলয় দত্তৰ৷ নিজৰ কৰ্মৰ সৈতে গভীৰ একাত্মতা ৰক্ষা কৰি যোৱা দত্তই ওৰে জীৱন সংগ্ৰাম কৰিছিল ন্যায়ৰ বাবে৷

Nilayananda Dutta

শনিবাৰে নিশা ৪৬ সংখ্যক বিবাহবাৰ্ষিকী উদযাপন কৰিছিল দত্তই৷ তাৰবাবেই পৰিবাৰৰ সৈতে বাংগালুৰুলৈও যাত্ৰা কৰিছিল তেওঁ৷ বিবাহবাৰ্ষিকী উদযাপনৰ পাছতে নিশা ২ বজাত বাংগালুৰুত মৃত্যু হয় অধিবক্তাগৰাকীৰ৷ তেওঁৰ মৃত্যুত শোকৰ ছাঁ পৰে সমগ্ৰ ৰাজ্যত৷

নিলয় দত্ত এগৰাকী বিশিষ্ট অধিবক্তা হোৱাৰ উপৰি তেওঁ আছিল অৰুণাচল প্ৰদেশৰ মহাধিবক্তা৷ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতিও আছিল দত্ত৷ আনহাতে আন্তঃৰাষ্ট্রীয় ক্ৰিকেটত আম্পায়াৰ হিচাপেও নিয়োজিত হৈছিল তেওঁ৷ এনে এগৰাকী বহুধা বিভক্ত প্ৰতিভা আৰু সমাজমুখী ব্যক্তিক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে সকলো৷

ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইটাৰযোগে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পেগুৱে লিখিছে, ,’প্ৰখ্যাত অধিবক্তা নিলয় দত্তৰ মৃত্যুত দুঃখিত। তেওঁৰ মৃত্যু ৰাজ্যৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ আত্মাই শান্তি লাভ কৰক।শোকসন্তপ্ত পৰিয়াললৈ মোৰ সমবেদনা।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular