spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকভুৱা এনকাউণ্টাৰ! কি ক’লে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে?

ভুৱা এনকাউণ্টাৰ! কি ক’লে ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীয়ে?

ডিজিটেল ডেস্কঃ শান্ত হোৱা নাই আৰক্ষীৰ এনকাউণ্টাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ থকা বড়োভূমি! ভাৰত-ভূটান সীমান্ত অঞ্চল উল্টাপানীত বিগত শনিবাৰ পুৱতিনিশা আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ বাহগৃহত ঘটনাৰ বুজ ল’বলৈ উপস্থিত হয় ‘Bodo Women Justice Forum’ চমুকৈ ‘বিডব্লিউজেএফ’ৰ সভানেত্ৰী অঞ্জলী দৈমাৰী।

ঘটনাৰ বিষয়ে বুজ লৈ কোকৰাঝাৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি ‘বিডব্লিউজেএফ’ৰ নেত্ৰী অঞ্জলী দৈমাৰীয়ে ঘটনাটোক কঠোৰ ভাষাৰে গৰিহণা দি এয়া একেবাৰে ভুৱা সংঘৰ্ষ কৰি হত্যা কৰা বুলি কয়। জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম দুখীয়া পৰিয়ালৰ সদস্য আছিল। ৰাজ্যত ‘Arms Special Power Act (ASPA)’ আইনৰ গয়না লৈ বড়ো যুৱকক হত্যা কৰা ঘটনা নতুন নহয়। সেয়ে এই আইন চৰকাৰে বাতিল কৰিব লাগিব বুলি কোৱাৰ লগতে ভুৱা সংঘৰ্ষত গুলীয়াই হত্যা কৰা ঘটনাটোক তদন্ত কৰিবলৈ উচ্চ স্তৰৰ কমিটী গঠন কৰিবলৈ দাবী জনায় অঞ্জলী দৈমাৰীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular