spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeআঞ্চলিকঅভিলেখ গঢ়িলে অঞ্জলিয়ে, কি কি বাধা নেওচি আৰম্ভ কৰিছিল এই যাত্ৰা ?

অভিলেখ গঢ়িলে অঞ্জলিয়ে, কি কি বাধা নেওচি আৰম্ভ কৰিছিল এই যাত্ৰা ?

ডিজিটেল ডেস্ক: পদব্ৰজে লাডাখৰ যাত্ৰা সামৰি স্ব-ৰাজ্যত উপস্থিত হৈছে পলাশবাৰীৰ বৰিহাটৰ অঞ্জলি দাস। দুঃসাহসিক কাম কৰি ভাল পোৱা দক্ষিণ কামৰূপৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ মনত আছিল এটি সপোন। তেওঁৰ সপোনৰ বাস্তৱত ৰূপ দিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল৷ আৰু সেইমৰ্মে বিগত ১৩আগষ্টত পলাশবাৰীৰ বৰিহাতৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল সুদূৰ লাডাখলৈ।

ৰ’দ-বতাহ বৰষুণক নেওচি ২মাহ ১৬ দিনে কৰা যাত্ৰাৰ পাছত বিগত ২৯ অক্টোবৰত উপস্থিত হৈছিল গৈ ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডোংলাত। সৰুৰে পৰা দুঃসাহসিক কাৰ্য তথা খেল-ধেমালি কৰি ভাল পোৱা অঞ্জলি দাসে ‘Mission fit India let’s make India fit’- এই বাক্য শাৰী মূলত দেশবাসীক গুৰুত্ব দিয়াবৰ বাবে আৰম্ভ কৰিছিল এই যাত্ৰা।

সম্ভৱত উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ প্ৰথমগৰাকী মহিলা, যিয়ে ২,৭৯৬ কিলোমিটাৰ খোজ কাঢ়ি এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। অৱশেষত মঙলবাৰে অঞ্জলি দাস আহি উপস্থিত হয় স্ব-ভূমিত। বৰঝাৰ বিমান বন্দৰত আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল-সংগঠনে আদৰণি জনায়। এই পদযাত্ৰাত বিভিন্ন সময়ত ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে যিধৰণে সহায়-সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছে অঞ্জলি দাসে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular