spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়আন্না হাজাৰে অসুস্থঃ নামহীন বিষণ্ণতাত দেশৰ জনগণ

আন্না হাজাৰে অসুস্থঃ নামহীন বিষণ্ণতাত দেশৰ জনগণ

ডিজিটেল ডেস্ক: আন্না হাজাৰে৷ ভাৰতৰ সমাজ জীৱনৰ স্বনামধন্য ব্যক্তিগৰাকী শেহতীয়াকৈ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেক বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ ৰুবি হল ক্লিনিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসকৰ তত্ত্বাৱধানত ৰখা হৈছে৷ ৰুবি হল ক্লিনিকৰ চিকিৎসা অধীক্ষক ডাঃ অৱধুত বোদামৱাড়েই সংবাদ মাধ্যমক জানিব দিয়া মতে আন্না হাজাৰেৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু দুই-তিনিদিনৰ ভিতৰতে তেখেতে চিকিৎসালয় এৰিব পাৰিব৷

১৯৯২ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’ বঁটাৰে সন্মানেৰে সন্মানিত আন্না হাজাৰেৰ নেতৃত্বত ভাৰতৰ সংসদত দুৰ্নীতিবিৰোধী জন লোকপাল বিল গৃহীত কৰাৰ কাৰণে আন্দোলন আৰম্ভ হৈছিল৷ এই আন্দোলনৰ সহযোদ্ধা হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতি তথা কৰ্ণাটকৰ লোকায়ুক্ত এন সন্তোষ হাগৰে, উচ্চতম ন্যায়ালয়ৰ প্ৰবীণ আইনজীৱী প্ৰশান্ত ভূষণ আৰু ইণ্ডিয়া এগেইনষ্ট ক’ৰাপশ্বন আন্দোলনৰ অন্যান্য সদস্য মিলি জন লোকপাল বিলৰ বিকল্প খচৰা প্ৰস্তুত কৰিছিল৷

এইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ভাৰতৰ সমাজ জীৱনত সুদীৰ্ঘ সময় সৰৱ হৈ থকা সমাজকৰ্মীগৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগতে দেশৰ জনসাধাৰণ চিন্তান্বিত হৈ পৰিছে৷ সম্প্ৰতি, নামহীন বিষণ্ণতাত ডুব গৈছে দেশৰ জনগণ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular