spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকঅখিল গগৈ এটা বিগ জিৰো... উপ-নিৰ্বাচনত ব্যৰ্থতাৰ পাছতে শেলে বিন্ধিছে ৰাইজৰ দলৰ...

অখিল গগৈ এটা বিগ জিৰো… উপ-নিৰ্বাচনত ব্যৰ্থতাৰ পাছতে শেলে বিন্ধিছে ৰাইজৰ দলৰ নেতাক

গুৱাহাটী : ‘অখিল গগৈ এটা বিগ জিৰো। ৭০টা সংগঠনে শিৱসাগৰত প্ৰচাৰ কৰাৰ বাবেহে জয় হৈছিল অখিল গগৈ’ – উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে সংবাদমেলত ৰাইজৰ দলৰ পদত্যাগী ৰাজ্যিক সম্পাদক অনুপ শইকীয়াই বিস্ফোৰক মন্তব্য কৰিছে। ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাৰ পাছতে অনুপ শইকীয়াই অখিল গগৈ আৰু ৰাইজৰ দলৰ ব্যৰ্থতাক উদঙাই দি অখিল তথা দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

নানা গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, উপ-নিৰ্বাচনৰ ফলাফলৰ পাছতে মৰিয়নি আৰু থাওৰা সমষ্টিৰ ৰাইজে প্ৰমাণ কৰি দিলে যে, অখিল গগৈ নামৰ কোনো এক সত্বা নাই, অখিল গগৈ বিগ জিৰ৷ ৭০ সংগঠনৰ বেনাৰত গঠন হোৱা ৰাইজৰ দলৰ পৰা প্ৰায় ১২টাকৈ সংগঠনে ইতিমধ্যে অখিল গগৈৰ সৈতে মত বিৰোধ হোৱা বাবে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰিছে৷ ৰাইজৰ দলক ব্যক্তিগত কোম্পানী আখ্যা দি অনুপ শইকীয়াই কয়, অখিল গগৈয়ে বিধায়ক হোৱাৰ পাছত যি মন যাই সেয়াই কৰি আছে৷ উপ-নিৰ্বাচনত বিজেপিক জয়ী কৰাবৰ বাবেই দুটাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিলে অখিলে আৰু সেই লক্ষ্যত তেওঁ সফল হৈছে৷


ইয়াৰ উপৰি তেওঁ কয়, যদিহে সঁচা অৰ্থত জাতীয়তাবাদ কৰিব বিচাৰিছে তেন্তে আনৰ বোকোচাত উঠি জাতিয়তাবাদ কৰাটো বন্ধ কৰিব লাগে৷ অখিল গগৈ যে ভুৱা জাতিয়তাবাদী সেয়া এই উপ-নিৰ্বাচনৰ ফলাফলতে স্পষ্টভাৱে প্ৰমাণিত হৈছে৷ তেওঁ লগতে কয়, ‘অখিল গগৈ এজন বিধায়ক নহয়, এজন উদণ্ড যুৱক৷ যি দৰে এজন কলেজীয়া ছাত্ৰক নতুন বাইক কিনি দলে ফিৰফিৰাই চলাই গুচি যায় তেনেদৰে অখিল গগৈয়ে ১২০ত বাইক চলাই যাম বুলি ভাবিছে অসমৰ ৰাজনীতিত৷’ ৭০সংগঠন একলগ হৈ যুঁজ দিয়াৰ বাবেহে আজি অখিল গগৈ শিৱসাগৰত বিধায়ক হৈ আছে বুলিও তেওঁ মন্তব্য কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular