spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeক্ৰীড়াজীৱনৰ কঠিন সময়ত তুমিয়েইতো নিজকে তুলি ধৰিছা-ইনষ্টাগ্ৰামত অনুষ্কাৰ আৱেগিক প’ষ্ট...

জীৱনৰ কঠিন সময়ত তুমিয়েইতো নিজকে তুলি ধৰিছা-ইনষ্টাগ্ৰামত অনুষ্কাৰ আৱেগিক প’ষ্ট…

নতুন দিল্লীঃ ৩৩বছৰ সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে। জন্মদিনৰ দিনা এখন সামজিক মাধ্যমৰ যোগেদি শুভেচ্ছা জনালে পত্নী অনুষ্কাই। ফটোখনৰ সৈতে অনুষ্কাই দিছে আৱেগিক কেপশ্যন। উল্লেখ্য যে, বিগত কেইটামান দিন ভালে যোৱা নাই বিৰুষ্কাৰ। বিশ্বকাপত এটাৰ পাছত আনটো পৰাজয়ে হতাশ কৰিছে কোহলীক। যাৰ ফলত ফেচবুক-টুইটাৰ-ইনষ্টাগ্ৰামত গোটেই পৰিয়ালটোকে অশ্লীল মন্তব্যৰে আঘাত কৰিছিল কট্টৰ সমৰ্থকে। আনকি তেওঁলোকৰ দহমহীয়া কন্যা সন্তানটিলৈয়ো আহিছিল ধৰ্ষণৰ ভাবুকি। তথাপি এই বিষয়টোক গুৰুত্ব দিয়া নাই বিৰাট-অনুষ্কাই। আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ অন্তিমখন খেলত জয়লাভ কৰাৰ লগে লগে ভাৰতীয় শিবিৰে হেৰুৱা হাঁহি ঘূৰাই পাইছে। ইয়াৰ মাজতে বিৰাটৰ জন্মদিন। থৈয়া-নথৈয়া হিয়া বিৰাট পত্নী অনুষ্কাৰ।

শুকুৰবাৰে ইনষ্টাগ্ৰামৰ এটা আৱেগিক প’ষ্টত অনুষ্কাই স্বামী বিৰাটক শুভেচ্ছাৰে উপচাই দিছে। এখন ছবি প’ষ্ট কৰি অনুষ্কাৰ বাৰ্তা, ‘এই ছবিখনৰ বাবে কোনো কৃত্ৰিমতাৰ প্ৰয়োজন নাই। আপোনাৰ সততা আৰু সাহসে বাৰে বাৰে বিশ্বাস দিছে। মই জানো, কঠিন সময়ত আপোনাতকৈ কোনেও নিজকে তুলি ল’ব নোৱাৰে। যিসকলে আপোনাক জানে, তেওঁলোক সঁচাকৈয়ে ভাগ্যৱান। আপোনাক ধন্যবাদ। শুভ জন্মদিন।’অনুষ্কাৰ প’ষ্টটো প্ৰকাশ হোৱাৰ লগে লগে অনুৰাগীৰ মন্তব্যৰে ভৰি পৰিছে ইনষ্টাগ্ৰাম। বিৰাটে এনে সুখী দাম্পত্য জীৱন উপহাৰ দিয়াৰ বাবে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। উল্লেখ্য যে, ভাৰতৰ অধিনায়কজনে সম্প্ৰতি এটা কঠিন সময়ৰ মাজেৰে দিন অতিবাহিত কৰিছে। ২০১৯ চনত ইডেন গাৰ্ডেনৰ পাছত আৰু ৰান মেছিনৰ পৰা অহা নাই শতকীয় ইনিংছ। এই সন্দৰ্ভত কোহলীৰ নেতৃত্বক লৈয়ো নানান প্ৰশ্ন উত্থাপিত হৈছিল। বিশ্বকাপৰ পাছত আন্তঃৰাষ্ট্ৰীয় টি-২০ত ভাৰতীয় দলৰ অধিনায়কত্ব ত্যাগ কৰিব বুলিও ঘোষণা কৰিছে কোহলীয়ে। ইফালে টি-২০ বিশ্বকাপত পাকিস্তানৰ হাতত পৰাজয়ৰ পাছৰে পৰা ভাৰতীয় দলটোৱে নানা কটু বাক্যৰ সন্মুখীন হ’বলগীয়া হৈছে। বিৰাটৰ পৰিয়ালৰ ওপৰতো পৰিছে বিৰুপ প্ৰভাৱ। বিৰাট পত্নী অনুষ্কা শৰ্মাকো লক্ষ্য কৰি লৈছিল একাংশ কট্টৰ সমৰ্থকে। তাৰ মাজতে প্ৰিয়জনৰ জন্মদিনত উৎফুল্লিত,আনন্দিত,উচ্ছসিত অনুষ্কা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular