অন্ধ্ৰপ্ৰদেশৰ ক’ভিড চিকিৎসা কেন্দ্ৰত জুই লাগি ৭ জনৰ মৃত্যু

বিজয়াৱাৰা: অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাৰাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা৷ এটা ক’ভিড কেয়াৰ কেন্দ্ৰত জুই লগাৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কেয়াৰ চেণ্টাৰটোত প্ৰায় ৩০ জন লোক চিকিৎসাধীন হৈ আছিল৷ আনসকলক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব: নিগেটিভ : হাস্পতালৰ পৰা ঘৰলৈ উভতিল অভিষেক বচ্চন

পুৱা প্ৰায় ৫ বজাত ছৰ্ট চাৰ্কিটৰ ফলত ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ৰমেশ হাস্পতাল নামৰ ব্যক্তিগত চিকিৎসালয়খনে স্থানীয় ‘স্বৰ্ণ পেলেচ’ নামৰ হোটেলখনত এটা অস্থায়ী ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিছিল৷ বিগত দুসপ্তাহ ধৰি তাত প্ৰায় ৩০ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে প্ৰায় ১০ জন চিকিৎসাকৰ্মী ৰোগীৰ সেৱাত নিয়োজিত হৈ আছিল৷

আৰু পঢ়িব পাৰিব: দুৰ্ঘটনা নহয় হত্যাকাণ্ড! কেৰালাৰ বিমান দুৰ্ঘটনাক সুৰক্ষা বিশেষজ্ঞই কৰিলে এই অভিযোগ

জানিব পৰামতে নিহত অধিকাংশই জুই লগাৰ পাছত উশাহ নাপাই মৃত্যুমুখত পৰে৷ ক’ভিড-১৯ ত ভুগি ইতিমধ্যে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি থকাসকলে ধোঁৱা সহিব নোৱাৰি সহজে মৃত্যুক আঁকোৱালি লোৱা বুলি কৰ্তৃপক্ষই মত প্ৰকাশ কৰিছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES