spot_img
16 C
Guwahati
16 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকটকা দিয়ক,চাকৰি লওক; মুম্বাইত প্ৰিণ্ট হৈছিল এপিডিচিএল পৰীক্ষাৰ প্ৰশ্নকাকত, কিদৰে চলিছিল চাকৰিৰ...

টকা দিয়ক,চাকৰি লওক; মুম্বাইত প্ৰিণ্ট হৈছিল এপিডিচিএল পৰীক্ষাৰ প্ৰশ্নকাকত, কিদৰে চলিছিল চাকৰিৰ দোকান?

ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে এপিডিচিএল পৰীক্ষা কেলেংকাৰীৰ ন ন তথ্য। মুম্বাইত প্ৰিন্ট হৈছিল এপিডিচিএল পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা কেলেংকাৰীৰ আঁৰত আছে আৰু বহু লোক।

২০১৮ৰ পৰা চাকৰীৰ বজাৰ আৰম্ভ কৰিছিল দিপাংকৰ দিহিঙীয়াই। ২০১৯ত অনুষ্ঠিত হোৱা পৰীক্ষাৰ এবছৰ আগতেই নিৰ্ধাৰণ হৈছিল চাকৰি পাবলগীয়া প্ৰাৰ্থীৰ নাম ৷ এইজন দিপাংকৰ দিহিঙীয়াই টকাৰ বিনিময়ত নিশ্চিত কৰিছিল বহু প্ৰাৰ্থীৰ চাকৰি ৷ আগতিয়াকৈ পৰীক্ষাৰ প্ৰশ্ন যোগান ধৰিছিল দিহিঙীয়াই ৷ দিহিঙীয়াই নিজেই প্ৰস্তুত কৰা OMR শ্বীট নিজেই গৈ মুম্বাইত প্ৰিন্ট কৰি আনিছিল ৷ আনকি কোনো অস্তিত্ব নথকা ‘নেইকম ইম্প্ৰেচন’ নামৰ এটা বহিৰাগত প্ৰতিষ্ঠানক পৰীক্ষাৰ দায়িত্ব দি তাতো পৰীক্ষাৰ নামত আৱন্তিত টকা আত্মসাৎ কৰিছিল দিহিঙীয়াই ৷ এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিবলৈ বিজুলি ভৱনত এটা নেক্সাছ বনাই লৈছিল দিপাংকৰ দিহিঙীয়াই ৷ বিজুলী ভৱনত এতিয়াও কাম কৰি আছে সেইসকল লোকে৷ দিহিঙীয়াৰ বাবে এই কাম সম্ভৱ হৈছিল একমাত্ৰ ভি কে পিপাৰচেনিয়াৰ কৃপাত৷ পৰীক্ষাৰ বাবে গঠন কৰা সমিতিৰ নেতৃত্বত থকা সেই সময়ৰ মূখ্য অভিযন্তা সঞ্জয় ভৌমিকেও সকলো দায়িত্ব এৰি দিছিল দিহিঙীয়ালৈ ৷ ইয়াৰো একমাত্ৰ কাৰণ আছিল ভি কে পিপাৰচেনিয়াৰ আশীৰ্বাদ ৷ পৰীক্ষাৰ এই বৃহৎ কেলেংকাৰী সংঘটিত কৰা সময়ত দিহিঙীয়াৰ সোঁহাতস্বৰূপ আছিল এপিডিচিএলৰ IT ইঞ্জিনিয়াৰ ডেইজিম হাজৰীকা ৷ ইয়াৰ উপৰিও সেই সময়ৰ শক্তি মন্ত্ৰী তপন গগৈৰ সৈতেও অতি ঘনিষ্ঠ সম্পৰ্ক আছিল দিপাংকৰ দিহিঙীয়াৰ ৷ তপন গগৈৰ আশীৰ্বাদতো এপিডিচিএলত পৰীক্ষাকে ধৰি ভিভিন্ন ক্ষেত্ৰত

বহু কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল দিহিঙীয়াই ৷ শনিবাৰে CJM আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা ১০ অভিযুক্তক সোমবাৰে পুনৰ বিশেষ আদালতত হাজিৰ কৰাব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ অভিযুক্তকেইজনক নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাব তদন্তকাৰী সংস্থাটোৱে ৷ তাৰ পাছত পোহৰলৈ আহিব এই কেলেংকাৰীৰ আৰু বহু গোপন তথ্য ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular