spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকগাখীৰেৰে ধুলেও বগা নহয় এঙাৰ! পুনৰ নিযু্ক্তি কেলেংকাৰিয়ে জোকাৰিছে এপিএছচিক

গাখীৰেৰে ধুলেও বগা নহয় এঙাৰ! পুনৰ নিযু্ক্তি কেলেংকাৰিয়ে জোকাৰিছে এপিএছচিক

ডিজিটেল ডেস্ক : গাখীৰেৰে ধুলেও এঙাৰ বগা নোহোৱাৰ নিচিনা অৱস্থা গৈছে অসম লোকসেৱা আয়োগৰো। এপিএছচিৰ সংস্কাৰৰ বাবে নানা পদক্ষেপৰ কথা ঘোষণা কৰি অহা হৈছে যদিও সম্ভৱ হৈ উঠা নাই সংস্কাৰ। এইবাৰ পুনৰ নিযুক্তি কেলেংকাৰিয়ে জোকাৰিছে এপিএছচিক। পুনৰ নিযুক্তি কেলেংকাৰিক লৈ বিতৰ্কত সোমাই পৰিছে অসম লোকসেৱা আয়োগ। এইবাৰ এপিএচিৰ উপ-সঞ্চালক পদত নিযুক্তিৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে৷ আশ্বৰ্জকৰভাৱে ‘ৰিজেক্ট লিষ্ট’ত থকা ৮গৰাকীকৈ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে, ২১ অক্টোবৰত বিভাগীয় ৱেবছাইটযোগে এপিএছচিয়ে প্ৰকাশ কৰিছিল খালী থকা পদৰ বিপৰীতে ৰিজেক্ট আৰু একচেপ্ট লিষ্ট৷ আৱেদনকাৰীৰ ভিতৰত ২৪৫গৰাকীৰ ৰিজেক্ট লিষ্টত নাম অহাৰ বিপৰীতে যোগ্য বিবেচিত হৈছিল ২৭গৰাকী প্ৰাৰ্থী৷ কিন্তু ৰহস্যজনকভাৱে ৩ নৱেম্বৰত পুনৰ এপিএছচিৰ ৱেবছাইটযোগে প্ৰকাশ পালে আন এখন তালিকা৷ যিখন তালিকাত মৌখিক পৰীক্ষালৈ পুনৰ আমন্ত্ৰণ জনোৱা হ’ল ‘ৰিজেক্ট লিষ্ট’ত নাম থকা ১১জনকৈ প্ৰাৰ্থীক৷

ইপিনে, ৮ নৱেম্বৰত অনুষ্ঠিত হোৱা মৌখিক পৰীক্ষাৰ এদিন পাছতে অৰ্থাৎ ৯নৱেম্বৰত ৱেবছাইটযোগে ঘোষণা হ’ল এপিএছচিৰ উপ-সঞ্চালক পদৰ ফলাফল৷ মুঠ ২১টা পদৰ ভিতৰত চাকৰি লাভ কৰিলে ১৯গৰাকী প্ৰাৰ্থীয়ে। য’ত নাম আহিল অযোগ্য তালিকাত নাম অন্তৰ্ভুক্ত ৮জনকৈ প্ৰাৰ্থীৰো৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular