Google search engine
33 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকএপিএছচি কেলেংকাৰী : তদন্ত আয়োগৰ সন্মুখত হাজিৰ কোন কোন বিষয়া?

এপিএছচি কেলেংকাৰী : তদন্ত আয়োগৰ সন্মুখত হাজিৰ কোন কোন বিষয়া?

গুৱাহাটী : অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত আয়োগৰ সন্মুখত হাজিৰ হৈছে কেইবাগৰাকীও বিষয়া৷ বঙাইগাঁৱৰ কৰ বিষয়া জয়ন্ত দলৈ হাজিৰ তদন্ত আয়োগৰ সন্মুখত৷ এতিয়ালৈ মুঠ ১৯ জন ৰাজপত্ৰিত বিষয়ালৈ জাননী জাৰি কৰা হৈছিল যদিও তাৰে মাত্ৰ ৫ জনহে তদন্ত আয়োগৰ সন্মুখত হাজিৰ হৈছে৷ অৱশ্যে, ১৫ জুলাইৰ পূৰ্বে সকলোকে আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷

এতিয়ালৈ হাজিৰ হোৱা ৰাজপত্ৰিত বিষয়াসকলৰ ভিতৰতৰ আছে বিটিআৰৰ উপসচিব বিক্ৰম আদিত্য বৰা, কামৰূপ মহানগৰৰ এছডিঅ’ ত্ৰিদিপ ৰয়, চিআইডিৰ মুখ্য কাৰ্যালয়ত ডিএছপি হিচাপে কৰ্তব্যৰত সুকন্যা দাস, কাহিলীপাৰাত বিশেষ শাখাত কৰ্তব্যৰত ৰুমী টিমুংপি৷ এইসকলৰ ভিতৰত ত্ৰিদিপ ৰয়, জয়ন্ত দলে আৰু বিক্ৰম আদিত্য বৰাই লিখিত স্পষ্টীকৰণ জমা দিছে আয়োগক৷


১৫ জুলাইৰ ভিতৰত লিখিতভাৱে উত্তৰ ন্যায়িক আয়োগত জমা দিব লাগিব এইসকল ৰাজপত্ৰিত বিষয়াই৷ তেওঁলোকৰ মাৰ্কচীট আৰু টেবুলেচ্যন চীটৰ নম্বৰৰ সৈতে মিল নাই উত্তৰ বহীত থকা নম্বৰ ৷ ইয়াৰ কাৰণ বিচাৰি আয়োগে জাননী জাৰি কৰিছিল ১৯ জন ৰাজপত্ৰিত বিষয়াক৷ তিনি দিনৰ ভিতৰত তেওঁলোকে লিখিত উত্তৰ জমা দিব লাগিব আয়োগক ৷

ইফালে, এই কেলেংকাৰী সন্দৰ্ভত আন কেইবাজনলৈকো জাননী প্ৰেৰণ কৰিবলৈ সাজু হৈছে আয়োগ৷ প্ৰায় ১০জনক জাননী প্ৰেৰণ কৰিব ন্যায়িক আয়োগে৷ ইতিমধ্যে আদালতত সেইসকলৰ তথ্য জমা দিছে আয়োগে৷ ইফালে, ১৫ জুলাইৰ পিছত আৰক্ষীয়ে আৰম্ভ কৰিব তদন্ত৷ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে জেৰাৰ বাবে মাতিব আয়োগৰ প্ৰথমথন তালিকাৰ ১৯ ৰাজপত্ৰিত বিষয়াক৷ এই ১৯গৰাকী ৰাজপত্ৰিত বিষয়াৰ গ্ৰেপ্তাৰ প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
33 ° C
34.4 °
33 °
66 %
2.1kmh
75 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular