spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeৰাষ্ট্ৰীয়কাৰাগাৰত দিন নাযায় ৰাতি নুপুৱায় আৰিয়ানৰ! উদ্বিগ্ন বলীউড বাদশ্বাহ, কি ক’লে চনু...

কাৰাগাৰত দিন নাযায় ৰাতি নুপুৱায় আৰিয়ানৰ! উদ্বিগ্ন বলীউড বাদশ্বাহ, কি ক’লে চনু ছুডে?

নতুন দিল্লীঃ ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈ জেল হাজোতত বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ পুত্ৰ আৰিয়ান। পুত্ৰৰ জেল গমনৰ পাছতে বাদশ্বাহৰ প্ৰাসাদত ক্ৰমাত্‍ নিসংগতাই বিৰাজ কৰিছে। সকলো আনন্দ একপ্ৰকাৰ মিহলি হৈ গৈছে মাটিৰ সৈতে। শ্বাহৰুখ পত্নী গৌৰী খানৰ ৫১ সংখ্যক জন্মদিনো হতাশাৰ মাজেৰে অতিবাহিত হ’ল। চাৰিখন দেৱালৰ ভিতৰত আৱদ্ধ পুত্ৰই য’ত ৰাজপ্ৰাসাদৰ আহাৰ ত্যাগ কৰিবলগীয়া হৈছে তেনেস্থলত কেক কাটি জন্মদিন উদযাপন কৰাটো কিমান কষ্টকৰ সেয়া গৌৰী খানে জানে,বুজে।

যি কি নহওক, জন্মদিনৰ আগদিনাৰ পৰাই তেওঁলোকৰ পুত্ৰক জামিনত অনাৰ বাবে চেষ্টা কৰিছিল। কিন্তু বলীউড কিংৰ সকলো প্ৰচেষ্টাই একপ্ৰকাৰ ব্যৰ্থ হৈ পৰে। পুত্ৰৰ জামিনৰ বাবে বাদশ্বাহে ব্যয়বহুল অধিবক্তাকো নিযুক্ত কৰিছে। তেওঁৰ নাম সতীশ মানশিন্দে। বিগত কেইবছৰমানৰপৰা তেওঁৱেই বলীউদৰ ত্ৰাণকৰ্তা ৰূপে কাম কৰি আহিছে। শ্বাহৰুখে সেই ভাবিয়ে সতীশক আৰিয়ানৰ ব্যক্তিগত অধিবক্তা হিচাপে নিযুক্ত দিছিল। অৱশ্যে শ্বাহৰুখে ভবা মতে হোৱা নাই কথাবোৰ। আদালতে জামিনত মঞ্জুৰ কৰাটো দূৰৈৰ কথা পনৰ ১৪ দিনৰ ন্যায়িেক জিম্মাত হে প্ৰেৰণ কৰে আৰিয়ানক। ইফালে ছলমান খান, হৃত্বিক ৰোশন, দীপিকা পাডুকন, জনী লিভাৰ আৰু সুজানাৰ দৰে একাংশ চেলিব্ৰিটিয়ে শ্বাহৰুখৰ সৈতে থিয় দিছে।


অলপ পলমকৈ হ’লেও দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা চনু ছুডেও এইবাৰ শ্বাহৰুখৰ শুভাকাংক্ষীৰ তালিকাখনত স্থান লাভ কৰিছে। কিন্তু আদালতৰ জামিন মঞ্জুৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশক লৈ কোনো নেতিবাচক মন্তব্য দিয়া নাই। এক টুইটযোগে তেওঁ কয়, ‘আদালতে নিজৰ সময় ল’বই। কিন্তু এই কঠিন সময়ছোৱাত মানুহৰ মানসিকতা আৰু মনৰ পৰা যিধৰণে আৱৰণ সলনি হৈছে সেয়া আপোনাৰ চৰিত্ৰৰ প্ৰমাণপত্ৰত ওৰে জীৱনটোৰ বাবে লিপিবদ্ধ হৈ ৰ’ব। কালি আকৌ নতুন প্ৰভাত হ’ব। কিন্তু আপুনি মনৰ সাহস হেৰুৱাই নেপেলাব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular