spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeৰাষ্ট্ৰীয়নামৰ পিছত খান উপাধি থকাৰ বাবেই আৰিয়ানক টাৰ্গেট কৰি লোৱা হৈছেঃ মেহবুবা...

নামৰ পিছত খান উপাধি থকাৰ বাবেই আৰিয়ানক টাৰ্গেট কৰি লোৱা হৈছেঃ মেহবুবা মুফটি

ডিজিটেল ডেস্কঃ ”নামৰ পিছত খান থকাৰ বাবেই আৰিয়ানক টাৰ্গেট কৰি লোৱা হৈছে”-এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ৷ মেহবুবা মুফটিৰ এই মন্তব্যক লৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰত চলিছে সৰব চৰ্চা৷ ধৰ্মৰ বাবেই শ্বাহৰুখৰ পুত্ৰই এনেদৰে কাৰাগাৰত থাকিব লগা হৈছে, জামিন বাৰে বাৰে নাকচ কৰা হৈছে বুলি কয় মেহবুবা মুফটিয়ে।

এক টুইটত তেওঁ লিখে যে, ”খেতিয়কক হত্যা কৰা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ সলনি এজন ২৩ বছৰীয়া ল’ৰাৰ পিছত পৰি আছে কেন্দ্ৰীয় সংস্থাসমূহ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে আৰিয়ানৰ উপাধি৷ খান উপাধি হোৱাৰ বাবেই অধিক হাৰাশাস্তি কৰা হৈছে শ্বাহৰুখ পুত্ৰক৷ কেৱল হিন্দু ভোটাৰ সকলক সুখী কৰি ৰখাৰ স্বাৰ্থত এনেদৰে মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে।

এই কাৰ্যই ভাৰতীয় ন্যায়পালিকাক তাচ্ছিল্য কৰিছে।” উল্লেখ্য যে মেহবুবা মুফটিয়ে নাম নোকোৱাকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ কথা উল্লেখ কৰিছিল টুইটটোত, যাৰ বিৰুদ্ধে যোৱা সপ্তাহত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular