spot_img
20 C
Guwahati
20 C
Guwahati
মঙলবাৰ, অক্টোবৰ 26, 2021
Homeব্ৰেকিং নিউজমান নহয়, স্থানো হেৰুৱালে শ্বাহৰুখে, অবাটে যোৱা পুত্ৰৰ বাবেই হেৰুৱালে বৃহৎ...

মান নহয়, স্থানো হেৰুৱালে শ্বাহৰুখে, অবাটে যোৱা পুত্ৰৰ বাবেই হেৰুৱালে বৃহৎ প্ৰজেক্ট…

নতুন দিল্লীঃ পুত্ৰৰ কলংকিত কাণ্ডৰ ছিটিকনি পৰিছে শ্বাহৰুখৰ গাতো। পদে পদে বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে কিং খান। পুত্ৰৰ কু-কীৰ্তি শ্বাহৰুখৰ বাবে হৈ পৰিছে হেঙাৰ! বাদশ্বাহ পুত্ৰৰ খবৰ বিয়পি পৰাৰ লগে লগে পিতৃৰ জীৱনলৈও নামি আহিছে অমানিশা। বিজ্ঞাপনৰ পৰাও স্থান হেৰুৱাবলগীয়া হৈছে বলীউড বাদশ্বাহে! শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে।

আৰিয়ান

এটা প্ৰতিষ্ঠিত অনলাইন শিক্ষা প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ পৰা শ্বাহৰুখক আঁতৰোৱা হ’ব বুলি দাবী উত্থাপন হৈছিল। অৱশেষত, কোম্পানীটোৱে কথা দি কথা ৰাখিলে। কোম্পানীটোৱে শ্বাহৰুখৰ সকলো বিজ্ঞাপন বন্ধ কৰি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘ইকনমিক টাইমছ’ত প্ৰকাশিত এই প্ৰতিবেদনখনে সকলোৰে চকু কপালত তুলিছে। আৰিয়ানে ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱাৰ পাছতে বিভিন্ন ক্ষেত্ৰৰ পৰা সমালোচনাৰ সন্মুখীন হৈছে শ্বাহৰুখ খান।

উল্লেখ্য যে, শ্বাহৰুখে কোম্পানীটোৰ হৈ শিশু শিক্ষাৰ এটা বিজ্ঞাপন কৰিছিল। বিজ্ঞাপনটো সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰাৰ সময়তে শ্বাহৰুখক লৈ তিক্ত মন্তব্য কৰিছে একাংশই। নিজৰ পুত্ৰই যেতিয়া অবাটে গৈছে তেনেস্থলত শিশুৰ শিক্ষা বিষয়ক কথা শ্বাহৰুখৰ মুখত শোভা নাপায় বুলি কটাক্ষ বাদশ্বাহক। অভিনেতাজনক তৎক্ষণাৎ বিজ্ঞাপনৰ পৰা আঁতৰাবলৈও দাবী জনাইছিল একাংশই। অৱশেষত কোম্পানীটোৱে বন্ধ কৰি দিলে শ্বাহৰুখৰ বিজ্ঞাপন। উল্লেখ্য যে, শ্বাহৰুখ কোম্পানীটোৰ ব্ৰেণ্ড এম্বেচেডৰ। বিজ্ঞাপন বন্ধ কৰিলেও ব্ৰেণ্ড এম্বেচেডৰ হিচাপে শ্বাহৰুখক ৰখা হৈছে নে নাই সেয়া এতিয়াও জানিবলৈ পোৱা নাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular