মানসিকভাবে ভাগি পৰিছে শ্বাহৰুখ খান! নাকচ কৰি গৈছে ইটোৰ পিছত সিটো প্ৰ’জেক্ট

0
30052
শ্বাহৰুখ খান
মানসিকভাবে ভাগি পৰিছে শ্বাহৰুখ খান! নাকচ কৰি গৈছে ইটোৰ পিছত সিটো প্ৰ'জেক্ট

ডিজিটেল ডেস্কঃ বলীউডৰ বাদশ্বাহৰ সাম্ৰাজ্যত এতিয়া এন্ধাৰৰ ছাঁ৷ কোনেও কাৰো মুখলৈ চাব পৰা নাই৷ সকলোৰে মন বিমৰ্ষ৷ ৰাজপুত্ৰ আৰিয়ানৰ কুকৰ্মত মানসিকভাবে ভাগি পৰিছে কিং খান শ্বাহৰুখ৷ সমগ্ৰ ভাৰতকে দেওবাৰে জোকাৰি গ’ল এটা বিশেষ খবৰে৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পু্ত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোই(NCB)।

মুম্বাইৰ ‘কৰ্ডেলিয়া’ নামৰ ক্ৰুজখনত চলি থকা এটা ড্ৰাগছ পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখ পুত্ৰক আটক কৰে এনচিবিয়ে৷ সোধা-পোছাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। এতিয়াও এনচিবিৰ জিম্মাতে আছে বাদশ্বাহৰ ৰাজপুত্ৰ। এই ঘটনাৰ প্ৰভাৱ শ্বাহৰুখ খানৰ কেৱল ব্যক্তিগত জীৱনতে নহয় প্ৰফেচ’নেল লাইফতো পৰিছে৷ এটাৰ পিছত এটা প্ৰজেক্ট নাকচ কৰি গৈছে অভিনেতাজনে৷ শ্বুটিং বাদ দি কেৱল ঘৰৰ ভিতৰতে সোমাই আছে শ্বাহৰুখ খান৷ এটলী কুমাৰৰ সৈতে এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত থকা শ্বাহৰুখ খানে আধাতে বন্ধ কৰি দিলে শ্বুটিঙৰ কাম৷ উপায় নাপাই পৰিচালকে ‘বডী ডবল’-ৰে কাম চলাব লগা হৈছে৷

আনহাতে শ্বাহৰুখে অজয় দেৱগণৰ সৈতে এটা বিজ্ঞাপনৰ দৃশ্যগ্ৰহণ কৰাৰ কথা আছিল কিন্তু দৃশ্যগ্ৰহণৰ কেইমিনিটমান আগতে শ্বাহৰুখে তেওঁৰ বিজ্ঞাপনটো বাতিল কৰি দিয়ে৷ নিৰ্মাতাসকলে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল কিন্তু শ্বাহৰুখ শ্বুটিং স্থলীত উপস্থিত হোৱা নাছিল।

তেওঁলৈ অহা প্ৰতিটো প্ৰস্তাৱকে এফালৰ পৰা তেওঁ নাকচ কৰি গৈছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে ঠিকে নাই শ্বাহৰুখ খান৷ মানসিক অৱস্থা নিশ্চয়কৈ এতিয়া সুস্থিৰ হৈ থকা নাই বলীউড বাদশ্বাহৰ৷ হয়তো কিছুদিন লাগিব পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ৷ পুত্ৰ-কন্যাৰ কুকীৰ্তিত সুস্থিৰ হৈ থাকিব পাৰিব কোন পিতৃ-মাতৃ, শ্বাহৰুখ খানো ইয়াৰ ব্যতিক্ৰম নহয়৷