spot_img
21 C
Guwahati
21 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকUPSC ৰ IES পৰীক্ষাত উজলিল অসমৰ অসীম গোস্বামী; দেশৰ ভিতৰত চতুৰ্থ স্থান...

UPSC ৰ IES পৰীক্ষাত উজলিল অসমৰ অসীম গোস্বামী; দেশৰ ভিতৰত চতুৰ্থ স্থান দখল

ডিজিটেল ডেস্কঃ পুনৰ কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কৃতিত্ব অৰ্জন অসম সন্তানৰ। UPSC ৰ IES পৰীক্ষাত (ইণ্ডিয়ান ইঞ্জিনিয়াৰিং চাৰ্ভিছ)ৰ দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল তেজপুৰৰ অসীম গােস্বামীৰ। অসীম তেজপুৰৰ কমাৰ চুবুৰী নিবাসী তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিৰাজ মোহন গোস্বামী আৰু নিভা গোস্বামীৰ একমাত্ৰ সন্তান। উল্লেখ্য যে তেজপুৰ ডনবস্ক’ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল অসীম গােস্বামী।

ইয়াৰ পাছতে শিলচৰৰ এন আই টিত অধ্যয়ন কৰি পাছত নতুন দিল্লীৰ আই আই টিত অধ্যয়ন কৰিছিল মেধাৱী অসীমে। পূৰ্বতে তেওঁ এপিডিচিএলৰ এক অভিযান্ত্ৰিক পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰি সহকাৰী অভিযন্তা হিচাপে এইজিচিএলত যোগদান কৰিছিল। বৰ্তমান গুৱাহাটীৰ নাৰেংগীস্থিত ৰাজ্যৰ শক্তি বিভাগৰ অধীনস্থ এ ই জি চি এলৰ সহঃ প্ৰবন্ধক হিচাপে নিয়োজিত হৈ আছে গোস্বামী। অসমীৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে তেজপুৰবাসীৰ লগতে সমগ্ৰ অসমবাসী।

আৰু পঢ়কঃ এটা আচৰিত মন্দিৰ! ফুল,ভোগ,প্ৰসাদ নহয় ইয়াত দেৱী মাৰ ওচৰত আগবঢ়োৱা হয় জোতা-চেণ্ডেল

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular