Google search engine
27 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

ৰঙাঘৰৰ আলহী ৰাজনৈতিক নেতাঃ কোন এই নেতা?

বৰপেটাৰোডঃ ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল ৰাজনৈতিক দলৰ নেতা৷ আটকাধীন ৰাজনৈতিক নেতাজন ৰিপাব্লিক পাৰ্টী অব্ ইণ্ডিয়া চমুকৈ আৰপিআই দলৰ যুৱ-মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি আমজাদ আলী। বৰপেটাৰ হাউলী চহৰত ধনদাবী কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হয় নেতাজন।

আৰু পঢ়িব পাৰিব: অসমীয়াক সুৰৰ জিঞ্জিৰি পিন্ধাই আঁতৰি গ’ল ভিতালী দাস…

আমজাদ আলীৰ ঘৰ সৰুক্ষেত্ৰীৰ জাৰাবাৰী গাঁৱত। হাউলীৰ মইনাল হ’ক নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা ধনদাবী কৰিবলৈ অহা আৰপিআই দলৰ নেতাজনক বৃহস্পতিবাৰে নিশা আটক কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা মইনাল হকৰ পিঁয়াজৰ গুদামত উপস্থিত হৈ দাবী কৰিছিল ২০ হাজাৰ টকা। ব্যৱসায়ীগৰাকীৰ পৰা সংগ্ৰহ কৰা দহ হাজাৰ টকাসহ নেতাজনক আটক কৰে আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব: ফোপোলা ভাষণ নালাগে, দেশে সমাধান বিচাৰিছে…

আমজাদ আলী নামৰ আৰপিআইদলৰ নেতাজনে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ হোটেল আৰু ব্যৱসায়ীৰ গুদামৰ পৰা উচ্চ পৰ্যায়ৰ আৰক্ষীৰ নামত ধনসংগ্ৰহ কৰি অহাৰ অভিযোগ তুলিছে একাংশ স্থানীয় ব্যৱসায়ীয়ে। ব্যৱসায়ীসকলক ভয়-ভাবুকি দেখুৱাই তথা আৰক্ষীৰ নামত ধনদাবী কৰি অঞ্চলটোত এক প্ৰকাৰ সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল নেতাজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES

Today's Weather

Guwahati
heavy intensity rain
27 ° C
27 °
27 °
83 %
2.1kmh
75 %
Thu
27 °
Fri
29 °
Sat
28 °
Sun
30 °
Mon
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular