spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকউৰুকাৰ বাবে সান্ধ্য আইন শিথিল : ক'ভিড আক্ৰান্তৰ সংখ্যা একেদিনাই বৃদ্ধি

উৰুকাৰ বাবে সান্ধ্য আইন শিথিল : ক’ভিড আক্ৰান্তৰ সংখ্যা একেদিনাই বৃদ্ধি

ডিজিটেল ডেস্ক : ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ মঙলবাৰৰ দিনটোত ২,৮৩৭ জন লোক আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ ইয়াৰে গুৱাহাটী মহানগৰীতে আক্ৰান্ত হয় ৮৭০ জন লোক৷ দিনটোত আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ হোৱাৰ লগতে মৃত্যু ঘটিছে দুজন ক’ভিড আক্ৰান্তৰো৷ যোৰহাটত আক্ৰান্ত ২১৫ জন, কাছাৰত ১৮৭, ডিব্ৰুগড়ত ১৭০ জন আক্ৰান্তৰো তথ্য পোৱা গৈছে৷

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ধুবুৰীতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত ধুবুৰী আক্ৰান্ত ৫০জন। ইপিনে কাছাৰৰ‌ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনৰ দেহতো ধৰা পৰিছে ক’ভিড৷ বৰ্তমান তেওঁ হোম আইছ’লেচত আছে।

আনহাতে আগন্তুক ভোগালী বিহুক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে ঘোষণা কৰা এছ’পিৰ কিছু সময় সাল-সলনি কৰে৷ উৰুকাৰ নিশা ১০ বজাৰ বিপৰীতে ১১ বজাৰ পৰা সান্ধ্য আইন ৰাজ্যত জাৰি কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন৷ কেৱল উৰুকাৰ বাবেহে সামান্য শিথিল কৰা হৈছে সান্ধ্যআইন৷ পূৰ্বে নিশা ১০ৰ পৰা পুৱা ৬ বজালৈ আছিল কাৰ্ফিউ৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular