Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিক২০২১-২২বৰ্ষৰ বাজেট দাখিল: কি কি সন্নিবিষ্ট হৈছে এই বাজেটত?

২০২১-২২বৰ্ষৰ বাজেট দাখিল: কি কি সন্নিবিষ্ট হৈছে এই বাজেটত?

গুৱাহাটী: অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট আজি দাখিল কৰে৷ বাজেটখনত জনসাধাৰণৰ হকে দাখিল কৰে বুলি মন্তব্য বিত্তমন্ত্ৰীগৰাকীৰ৷ ১০৭ পৃষ্ঠাৰ এই বাজেটখনত বহুতো অভিলাষী আচঁনি ঘোষণা কৰে৷ তামূলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰে বাজেটত৷ নতুন দিল্লীত অসম সংস্কৃতিক প্ৰকল্পৰ ঘোষণা কৰে বাজেটত৷ গুৱাহাটীৰ পাহাৰ বে-দখলমুক্ত কৰাৰ লগতে বনাঞ্চলৰ ভূমি বন্দবস্তিকৰণ কৰা হ’ব৷ গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামূলপুৰত নতুনকৈ সংস্থাপন হ’ব মেডিকেল কলেজ। সীমান্ত সমস্যাৰ বাবে ১০টা কমাণ্ডো

গঠন কৰা হ’ব৷ কাৰ্বি আলঙত ডিফু চৰকাৰী মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উত্তৰণ কৰা হৈছে৷ ডিব্ৰুগড়, শিলচৰত স্থাপন হ’ব চিৰিয়াখানা৷ APOLৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়া হ’ব৷ শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ কৰা হ’ব৷ আন্তঃৰাজ্যিক সীমান্তত ৫০টা সীমান্ত আৰক্ষী চকী স্থাপন কৰা হ’ব৷ ছিলঘাট মৰাপাট কলৰ বাবে 8 কোটি টকাৰ অনুমোদন দিয়া হৈছে৷ ডিব্ৰুগড়ত নতুনকৈ কলাক্ষেত্ৰ স্থাপন হ’ব৷ বঙাইগাঁও, বিহালী, শুৱালকুছিত অভিযান্ত্ৰিক কলেজ স্থাপন কৰা হ’ব৷ হাজো, মাজুলী, টিংখঙত পলিটেকনিক কলেজ স্থাপন কৰা হ’ব৷ দুবছৰৰ পূৰ্বেই সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাজোৰ পলিটেকনিকৰ উদ্ধোধন কৰিছিল৷ অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠন কৰা হ’ব৷ পোদুসেৰীত অসম ভৱন নিৰ্মাণ কৰা হ’ব৷ শিলচৰ, বঙাইগাঁও, তেজপুৰ, ডিব্ৰুগড়ত উদ্যোগৰ বাবে neno incubation চেণ্টাৰ স্থাপন কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ চাকৰিৰ বয়স ৩৮ৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছে। পলাশবাৰী-শুৱালকুচি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰা হ’ব। এই বাজেটতত ঘাটি ধনৰ পৰিমাণ ৫৬৬.২০ কোটি!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular