Google search engine
34 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeআঞ্চলিকআজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?

আজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?

গুৱাহাটী : আজি হেঁপাহৰ উৰুকা৷ ৰাজ্যত চৌদিশে উখল-মাখল পৰিৱেশ৷ হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন ৰাজ্যত৷ কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ৷ উজান বজাৰত ডাঙৰ চিতল বিচাৰি গ্ৰাহকৰ পুৱাৰে পৰা ভিৰ৷ উৰুকাৰ বাবে বজাৰে বজাৰে বৃহৎ আকৃতিৰ মাছৰ উজান৷ উজান বজাৰত ওলাইছে ২৭ কিলো ওজনৰ বৰালি৷ ১৫-২০ কিলোৰ চিতল-বিকেট ওলাইছে উজান বজাৰত৷

আৰু পঢ়িব পাৰিব : ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি

থলুৱা মাছেৰে ভৰিছে ৰাজ্যৰ প্ৰতিখন বজাৰ৷ নলবাৰী সদৰ বজাৰত ৩৫ কিলো ওজনৰ ভকুৱা৷ প্ৰতিকিলো ৮০০ টকাকৈ বিক্ৰী প্ৰকাণ্ড মাছটো৷ পচন্দৰ মাছ কিনিবলৈ হেতা-ওপৰা গ্ৰাহকৰ৷ বিশ্বনাথ বজাৰত ৩০ কিলোৰ বৰালি৷ প্ৰতি কিলোৰ বিক্ৰী মূল্য এহেজাৰ টকা৷ দুজনে ধৰি দাঙিলে ৩০ কিলোৰ বৰালিটো৷ ৩০ হাজাৰৰ বৰালি চাবলৈ হেঁতা-ওপৰা ৰাইজৰ৷ ইপিনে সোণাপুৰৰ বমানি বিলত আজি সমূহীয়া মৎস্য চিকাৰ৷

আৰু পঢ়িব পাৰিব : পৰিয়ালতান্ত্ৰিক ৰাজনীতিক গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আখ্যা প্ৰধানমন্ত্ৰীৰ

ডিমৰীয়া ৰজাই প্ৰথমে পূজা কৰাৰ পাছতে মৎস্য চিকাৰ পৰম্পৰা আৰম্ভ৷ বমানি বিলত মাছ ধৰিবলৈ দূৰণিৰ পৰা আহিছে ৰাইজ৷ ভিন্ন বজাৰৰ ভিন্ন দাম৷ ধমধমাত ২৬ কিলোৰ বিকেট বিক্ৰী প্ৰতিকিলোত এহেজাৰকৈ৷ মুছলপুৰত ১১ কিলোৰ আৰি প্ৰতি কিলোত ১,৮০০কৈ বিক্ৰী৷ লখিমপুৰৰ বজাৰত উভৈনদী চিতল-আৰি-ৰৌ৷ চিতল প্ৰতিকিলোত ৫০০, আৰি ১,০০০কৈ বিক্ৰী৷ গহপুৰত ৬ কিলোৰ চিতল প্ৰতি কিলোত ৬০০ টকাকৈ৷ মুকালমুৱা, মঙলদৈ, তেজপুৰ বজাৰতো গ্ৰাহকৰ হেঁতা-ওপৰা৷ বজাৰত চিতল-বৰালি-আৰি-ভকুৱা-ৰৌৰ উজান৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
34 ° C
34 °
34 °
62 %
1.5kmh
75 %
Tue
34 °
Wed
32 °
Thu
33 °
Fri
34 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular