ৰাজ্যত অপৰিবৰ্তীত ৰূপত কৰ’নাৰ স্থিতি : পজিটিভিটিৰ হাৰ ৭.৩৮

গুৱাহাটী : ৰাজ্যত কৰ’না আক্ৰান্ত হাৰ দ্ৰুত গতিত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ লকডাউনৰ পৰিসমাপ্তিৰ লগতে স্থানীয় ৰাইজ সচেতন নোহোৱা ইয়াৰ মুলঃ কাৰণ বুলি বহুতে অবিহিত কৰিছে৷ শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে, শনিবাৰৰ দিনটোতে অসমত ২,৫৯৫জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷

আৰু পঢ়িব পাৰিব: নগা শান্তিচুক্তি : পৃথক পতাকা, সংবিধানৰ দাবীত অটল এনএছচিএন

যোৱা ২৪ ঘণ্টাত হোৱা মুঠ ৩৫,১৭৫জন লোকে কৰ’না টেষ্ট কৰিছিল৷ ইতিমধ্যেই ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৫৫,৪৫৩জনলৈ বৃদ্ধি পাইছে আৰু পজিটিভিটিৰ হাৰ ৭.৩৮শতাংশ হোৱা বুলি জানিব পৰা গৈছে৷ আক্ৰান্তৰ ৫৫৩জন কামৰূপ মেট্ৰ, ২০৫জন যোৰহাট, ১৯৯জন লখিমপুৰ আৰু ১৭৩জন গোলাঘাটৰ৷

আৰু পঢ়িব পাৰিব: দৰঙৰ জলজলীত স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণ গোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

তাৰবিপৰীতে শনিবাৰৰ দিন ৰাজ্যত ১,৮৫৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ ফলত অসমত সুস্থ হোৱা লোকৰ সংখ্যা ১,২৫,৫৪০জনকৈ বৃদ্ধি হৈছে৷ আনহাতে, চিকিৎসাধীন হৈ আছে ২৯,৩৬২জন কৰ’না আক্ৰান্ত ৰোগী । উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ ৫৪৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES