spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকৰাজ্যত বানৰ কালৰূপ : কোন জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত ?

ৰাজ্যত বানৰ কালৰূপ : কোন জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত ?

গুৱাহাটী : ৰাজ্যত ভদীয়া বানে লৈছে এতিয়া কালৰূপ৷ বানৰ কৱলত দুটি শিশুৰ মৃত্যুৰ হোৱাৰ লগতে ৩৬৩লাখ লোক বানৰ কৱলত পৰিছে৷ ৰাজ্যৰ মুঠ ১৭খন জিলাত বানে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ সোমবাৰে বৰপেটা আৰু মৰিগাঁৱত দুটি শিশু বানত মৃত্যু হয়৷

ৰাজ্যৰ বিশেষকৈ বৰপেটা, বিশ্বনাথ, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, শিৱসাগৰ, কামৰূপ, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া জিলা৷ এইকেইখন জিলাৰ ভিতৰত বিশেষকৈ লখিমপুৰ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বানত৷ জিলাখনত ১৩ লাখ মানুহ বানাক্ৰান্ত হৈছে৷ ইয়াৰ পাছতে মাজুলীত ৬৫ হাজাৰ আৰু দৰঙত ৪১ হাজাৰ৩০০ মানুহ বানাক্ৰান্ত হৈছে৷

ৰাজ্যৰ মুঠ ৯৫০খন গাঁও বানৰ বুৰ জোৱাৰ লগতে ১০খন জিলাত ৪১টা আশ্ৰয় শিবিৰ গঠন কৰা হৈছে৷ বৰ্তমান ১,৬১৯ জন লোক আৰু ৩২১টা শিশু আশ্ৰয় শিবিৰত আছে৷ ৰাজ্যত এছডিআৰএফৰ ৪৭০জনক এই পৰিস্থিৰ বাবে ইতিমধ্যে ৰখা হৈছে৷

ইপিনে ব্ৰক্ষ্মপুত্ৰ ডিব্ৰুগড়, যোৰহাট, কামৰূপ, ধুবুৰীত বিপদসীমাৰ ওপৰেৰে বৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular