অসমৰ ৰাজ্যপাল জগদীশ মুখী ক’ভিডত আক্ৰান্ত

48
জগদীশ মুখী
ক’ভিডত আক্ৰান্ত অসমৰ ৰাজ্যপাল জগদীশ মুখী

ডিজিটেল ডেস্কঃ ক’ভিডত আক্ৰান্ত হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখী। বুধবাৰে ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত জগদীশ মুখী বৰ্তমান গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। ৰাজ্যপালগৰাকীৰ পত্নীৰো ক’ভিড টেষ্ট কৰা হয় আৰু তেওঁৰ ক’ভিড ৰিপ’ৰ্ট নিগেটিভ আহিছে আৰু তেওঁ বৰ্তমান ৰাজ ভৱনতে আছে।

উল্লেখ্য যে অসমত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। এই কথাই সকলোকে চিন্তিত কৰি তুলিছে। স্বাস্থ্য বিভাগকো পৰিছে ঘোৰ চিন্তাত। কামৰূপ মহানগৰত সৰ্বাধিক ১১৩৮ গৰাকী লোক আক্ৰান্ত হৈছে। বুধবাৰৰ দিনটোত ৰাজ্যত ৩২৭৪ গহৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে চাৰিগৰাকীৰ মৃত্যু হৈছিল।

আৰু পঢ়কঃ প্ৰাগ নিউজৰ বাতৰি সঁচা প্ৰমাণিত; গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ চূড়ান্ত তালিকাত নাম নাই অসমৰ!