spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকমন্ত্ৰী-বিধায়কৰ সন্তানে নপঢ়ে চৰকাৰী শিক্ষানুষ্ঠানত, শিক্ষা সংস্কাৰৰ নামত দিছপুৰত চাহ-মিঠাইৰ মেল

মন্ত্ৰী-বিধায়কৰ সন্তানে নপঢ়ে চৰকাৰী শিক্ষানুষ্ঠানত, শিক্ষা সংস্কাৰৰ নামত দিছপুৰত চাহ-মিঠাইৰ মেল

ডিজিটেল ডেস্ক : চৰকাৰী বিদ্যালয়ৰ গৰিমা পুনৰুদ্ধাৰৰ বাবে চৰকাৰে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ জৰিয়তে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক নিকা কৰি তোলাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু তাৰ পাছতো চৰকাৰী বিদ্যালয়ৰ অগ্ৰগতি বাৰে বাৰে স্তব্ধ হৈ ৰৈছে। দিনে দিনে হ্ৰাস হৈ আহিছে চৰকাৰী বিদ্যালয়ত নামভৰ্তি। শেহতীয়া পৰিসংখ্যাই এই কঠিন সত্য তুলি ধৰিছে। বহু চৰকাৰী বিদ্যালয় বন্ধ কৰি দিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ অভাৱৰ বাবে। এই পৰিস্থিতিৰ বাবে বাৰে বাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকে জগৰীয়া কৰি অহাৰ প্ৰৱণতা এটা দেখা যায় যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক এই সুবিধা কৰি দিছে কোনে সেই প্ৰশ্ন এতিয়া অতি প্ৰাসংগিক হৈ পৰিছে।


মন কৰিবলগীয়া যে, অসমৰ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘকাল ধৰি অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁৰ প্ৰায় ১৫ বছৰীয়া শিক্ষামন্ত্ৰীত্বৰ কালছোৱাত অসমৰ শিক্ষাখণ্ডলৈ কিছু পৰিৱৰ্তন আহিল যদিও চৰকাৰী বিদ্যালয়ৰ ভাদ্যদশা কিন্তু সলনি নহ’ল। শিক্ষক নিযুক্তি হ’ল ঠিকেই, কিন্তু চৰকাৰী বিদ্যালয়ৰ প্ৰতি একাংশ লোকৰ অনীহা আৰু অৱহেলা বাঢ়ি হৈ থাকিল। বেচৰকাৰী বিদ্যালয়ৰ আগ্ৰাসনৰ বিপৰীতে চৰকাৰী খণ্ডৰ প্ৰতি চৰকাৰৰ নিস্পৃহতাই এই বিদ্যাসয়সমূহক শোচনীয় অৱস্থাৰ দিশে লৈ গৈ থাকিল। প্ৰশ্ন হয়, সকলো চৰকাৰী কৰ্মচাৰী, শিক্ষক-শিক্ষয়িত্ৰী, মন্ত্ৰী-বিধায়ক আমোলাৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবৰ বা স্পষ্ট নিৰ্দেশনা বা নীতি কিয় চৰকাৰে গ্ৰহণ কৰিব নোৱৰে? দিল্লীৰ দৰে মানসম্পন্ন ৰূপত কিয় গঢ় দিব পৰাটো সম্ভৱ নহয় অসমৰ চৰকাৰী বিদ্যালয়ক?

এতিয়া আহিছোঁ কিছু শেহতীয়া পৰিসংখ্যালৈ। এটা বেচৰকাৰী সংস্থাৰ শেহতীয়া এক সমীক্ষা অনুসৰি অসমৰ চৰকাৰী বিদ্যালয়ত শিশুৰ নামভৰ্তিৰ হাৰ চাৰি শতাংশ হ্ৰাস পাইছে। প্ৰথম এডুকেচন নামৰ সংস্থাটোৱে এই সমীক্ষা চলাইছিল আৰু তাত এই উদ্বেগজনক পৰিসংখ্যা প্ৰকাশ হৈছে। সমীক্ষা অনুসৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৬-১৪বছৰৰ শিশুৰ নামভৰ্তি বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানলৈ অগ্ৰসৰ হৈছে যদিও অসমকে ধৰি উত্তৰ-পূবত ইয়াৰ ছবিখন সম্পূ্ৰ্ণ বিপৰীত। অসমত ক্ৰমাৎ চৰকাৰী বিদ্যালয় বিমুখিতা দিনে দিনে বৃদ্ধি পাইছে। ২০১৮ চনত অসমৰ চৰকাৰী বিদ্যালয়ত ৬৮.৮শতাংশ শিশুৰ নামভৰ্তি হৈছিল। কিন্তু এইবছৰ এই হাৰ হৈছে ৬৪.৪শতাংশ। সমীক্ষাটোত ঘৰুৱা টিউচন ব্যৱস্থা বৃদ্ধি হৈ অহাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে।

২০১৮ত ঘৰুৱা টিউচনৰ হাৰ আছিল ২৪.৭ শতাংশ। ২০২১ত ইয়াৰ হাৰ হৈছে ২৯.১ শতাংশ। অৰ্থাৎ যি কমসংখ্যক শিক্ষাৰ্থীয়ে চৰকাৰী বিদ্যালয়ত পঢ়িছে তেওঁলোকেও ঘৰুৱা টিউচনক অপৰিহাৰ্য বুলি গণ্য কৰিবলগীয়া হৈছে। এয়াও নিশ্চয় চৰকাৰী তথা আনুষ্ঠানিক শিক্ষা ব্যৱস্থাটোৰে এক দুৰ্বলতাৰ পৰিচায়ক।
যিসময়ত দিল্লীৰ দৰে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা সমগ্ৰ দেশৰ বাবে অনুকৰণীয় আদৰ্শত পৰিণত হৈছে, সেই সময়তে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ এনে পশ্চাৎগামিতা চিন্তনীয় বিষয় হৈ পৰিছে। এয়া অসমৰ দীৰ্ঘদিনৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ প্ৰতিফলন নেকি সেই প্ৰশ্নও এতিয়া অপ্ৰাসংগিক বুলিব নোৱাৰি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular