spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeআঞ্চলিকক’ভিডৰ তৃতীয় ঢৌৰে যুঁজিবলৈ সমগ্ৰ দেশৰ লগতে সাজু হৈছে অসম

ক’ভিডৰ তৃতীয় ঢৌৰে যুঁজিবলৈ সমগ্ৰ দেশৰ লগতে সাজু হৈছে অসম

ডিজিটেল ডেস্কঃ দেশৰ লগতে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে অ’মিক্ৰন সংক্ৰমণৰ ঘটনা। কেন্দ্ৰীয় আৰু অসম চৰকাৰ উভয়ে সময় থাকোতেই কঠোৰ নহ’লে দেশত অ’মিক্ৰন অধিক ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰিছে সচেতন মহলে। আনহাতে, ক’ভিডৰ তৃতীয় ঢৌৱে শিক্ষাৰ্থী তথা শিশুক অধিক আক্ৰান্ত হোৱাত চিন্তিত হৈছে অভিভাৱকসকল।

উল্লেখ্য যে, ক’ভিডৰ তৃতীয় ঢৌৰ বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইফালে, দেশৰ আন আন ৰাজ্যবোৰত ইতিমধ্যে বন্ধ হৈ পৰিছে সকলো শিক্ষানুষ্ঠান।

অৱশ্যে শিশুসকল তৃতীয় ঢৌত অধিক আক্ৰান্ত হোৱাৰ ফলস্বৰূপে ক’ভিডৰ তৃতীয় ঢৌ বা অ’মিক্ৰনৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয়৷ ইতিমধ্যে অক্সিজেন পেলেনটোও বৃদ্ধি কৰা হৈছে চিকিৎসা মহাবিদ্যালয়খনত। অক্সিজেন LMOৰ দুটা টেংকত ৪০ হাজাৰ লিটাৰ অক্সিজেন মজুত থকাৰ সমান্তৰালভাৱে শিশুসকলৰ বাবে সাজু কৰি তোলা হৈছে ২৩খনকৈ পিকু ICU বিছনা।

স্বাস্থ্য বিভাগৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়খনত ক’ভিডৰ বাবে আছুতীয়াকৈ ৰখা হৈছে ৫২খন বিছনা। এই তথ্য সদৰী কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ড° দিগন্ত দাসে।

স্মৰ্তব্য যে, লকডাউনসদৃশ পৰিস্থিতিৰ পৰা বাচিবলৈ হ’লে কেৱল চৰকাৰেই নহয় সাধাৰণ নাগৰিকেও ক’ভিডৰ সকলো নীতি-নিয়ম মানি প্ৰথম, দ্বিতীয় ঢৌৰ দৰে তৃতীয় ঢৌৰ বাবেও সকলোৱে মিলি যুঁজিব দিব লাগিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular