spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকসীমান্তৰ অসমীয়াই অসম এৰিব খুজিছে কিয় ?

সীমান্তৰ অসমীয়াই অসম এৰিব খুজিছে কিয় ?

ডিজিটেল ডেস্ক : অসমত অসমীয়াৰ অস্তিত্ব তথা সুৰক্ষাৰ প্ৰতি কিমান সজাগ চৰকাৰ? ভাষা, জাতি তথা সীমা সুৰক্ষাত সদায়ে সমালোচনাৰ সন্মুখীন হৈ অহা চৰকাৰখনৰ ওপৰত বিশ্বাস হেৰাইছে নেকি সাধাৰণ জনতাৰ৷ অসম-মেঘালয়ৰ সীমামূৰীয়া একাংশ লোকে অসমত বাস কৰাৰ প্ৰতি কৰা অনিহাক লৈ সৃষ্টি হৈছে উদ্বেগৰ৷ কিয় তেঁওলোকে কিয় অসমত বাস কৰিবলৈ ক্ৰমাৎ অনিচ্ছুক হৈ পৰিছে৷ শাসকীয় দলৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বাধীন চৰকাৰখনে সীমান্তবাসীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে নেকি?

বিগত প্ৰায় তিনি চাৰিদিন ধৰি অসম-মেঘালয়ৰ বকোত সীমান্তবাসীক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷ মন্ত্ৰী অতুল বৰাই চুবুৰীয়া ৰাজ্যখনৰ মন্ত্ৰী ৰেনিটন এল তংখাৰৰ সৈতে এক আলোচনাত মিলিত হয়৷ অসমৰ জয়পুৰ ৰাজহুৱা গাঁৱৰ খেলপথাৰত অনুষ্ঠিত হোৱা দুইমন্ত্ৰীৰ সভাখনত একাংশ অসমবিদ্বেসী লোকে বেনাৰ-পোষ্টাৰ ফালি পেলোৱা কাৰ্যই ৰাজ্যখনৰ বাবে এক অশুভ বাৰ্তাহে কঢ়িয়াই অনা পৰিলক্ষিত হয়৷ সভাখনত অসম আৰু মেঘালয় সীমামূৰীয়া লোকসকল উপস্থিত থাকে যদিও সভাখনত বেছিসংখ্যক লোকেই মেঘালয়ৰ সীমাৰ ভিতৰত থকাৰ ইচ্ছা প্ৰকাশ কৰে৷

এইক্ষেত্ৰত প্ৰশ্ন হয় অসমৰ মাটিত থকাৰ পাছতো কিয় লোকসকলে মেঘালয়ত সীমাৰ ভিতৰত থকাৰ ইচ্ছা কৰে৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসকলক সুৰক্ষা দিয়া তথা, চৰকাৰী সুবিধাৰ প্ৰতি বঞ্চিত কৰিছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অঞ্চলটোত নেতা পালিনেতাই কেৱল ৰাজনৈতিক সুবিধাৰ বাবেহে লোকসকলক ব্যৱহাৰ কৰিছেনে প্ৰকৃতাৰ্থত অঞ্চলটোত উন্নয়নৰ প্ৰভাৱ পৰিছে৷ যদিহে এনেকৈয়ে সীমামূৰীয়া অঞ্চলৰ লোকে প্ৰতিবেশী ৰাজ্যখনৰ সৈতে চামিল হ’ব খোজে, তেন্তে ভবিষ্যতে অসমৰ সীমা চমু হৈ অহাটো নিশ্চিত৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular