spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকঅসমৰ মাটিত মিজোৰামৰ পুনৰ দখল

অসমৰ মাটিত মিজোৰামৰ পুনৰ দখল

হাইলাকান্দি : এতিয়াও অন্ত পৰা নাই অসম মিজোৰাম সীমান্ত সমস্যাৰ। হাইলাকান্দি জিলাত এতিয়াও অব্যাহত আছে প্ৰতিবেশী ৰাজ্য মিজোৰামৰ আগ্ৰাসন। হাইলাকান্দি আৰক্ষী, জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে চলোৱা হাজাৰ চেষ্টাৰ পাছতো ক্ষান্ত হোৱা নাই আগ্ৰাসী মিজোৰাম। মাত্ৰ কেইদিনমানৰ বিৰতিৰ অন্তত আজি পুনৰ অসমৰ ভূমিত মিজোৰামে পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

হাইলাকান্দি জিলাৰ কূকিছেড়া ফৰেষ্ট ৰেঞ্জ’ৰ অধীনৰ বাংলাভাষা হাতিছেড়া এলেকাত জে চি বি এক্চকেভেটৰ লগাই পথৰ নিৰ্মাণ কাম আৰম্ভ কৰিছে মিজোৰামে। হাইলাকান্দি বন বিভাগে ড্ৰোনৰ সহায়ত সীমান্ত নিৰীক্ষণ কৰাৰ পাছতে পোহৰলৈ আহে এই তথ্য। মিজোৰামৰ ভূসঙ এলেকাৰ পৰা হাইলাকান্দিৰ হাতিছেড়া লৈকে নিৰ্মাণ কৰা হৈছে এই পথটো।

ইপিনে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে জানিব দিয়‍া মতে, মিজোৰামৰ একাংশ কৃষকে এই পথটো নিৰ্মাণ কৰিছে। পথ নিৰ্মাণৰ তথ্য পোহৰলৈ অহাৰ পাছতে হাইলাকান্দি জিল‍া উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে মিজোৰামৰ কলাশিব জিলা প্ৰশাসনৰ লগতে এই বিষয়ত যোগাযোগ স্থাপন কৰি তেওঁ লোকৰ প্ৰচেষ্টাত এই নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হয় । বৰ্তমান সীমান্তৰ এই এলেকাত অসম আৰক্ষী মোতায়েন কৰা হৈছে লগতে এতিয়া নিৰ্মাণ কাৰ্যবন্ধ আছে বুলিও দাবী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

আনহাতে, পথ নিৰ্মাণ কাৰ্যবন্ধ ৰাখি আজি পুনৰ আৰম্ভ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে কাটলিছেড়া সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰে। তেওঁ কয় যে অসম চৰকাৰে ৰিজাৰ্ভ ফৰেষ্টৰ দোহাই দি এই অঞ্চলত সমূহত উন্নয়নমূলক কাৰ্য বন্ধ ৰাখিছে, কিন্তু বিপৰীতে মিজোৰামে এই অঞ্চল সমূহ তেওঁ লোকৰ পাট্টা এলেকা দেখুৱাই বিভিন্ন নিৰ্মাণ কাৰ্য চলাই আছে বুলিও ক্ষোভ প্ৰকাশ কৰে বিধায়ক সুজাম উদ্দিন লস্কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular