spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকসুৰামত্ত আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নিহত যুৱক, গ্ৰেপ্তাৰ অভিযুক্ত

সুৰামত্ত আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নিহত যুৱক, গ্ৰেপ্তাৰ অভিযুক্ত

ডিজিটেল ডেস্কঃ জনতাৰ সুৰক্ষাৰ দায়িত্বত থাকে অসম আৰক্ষী। সেই আৰক্ষীয়েই যেতিয়া সুৰামত্ত হৈ সাধাৰণ জনতাক অতিষ্ঠ কৰি তোলে, তেতিয়া আপোনাৰ মনত প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। ভিন্ন সময়ত বহু স্থানত সুৰামত্ত চালকৰ দোষত দুৰ্ঘটনা সংঘটিত হয়। এইবাৰ পোহৰলৈ আহিছে সুৰামত্ত আৰক্ষীৰ গাড়ীৰ খুন্দাত এজন যুৱকৰ মৃত্যু ঘটিছে। ঘটনাৰ স্থান শিৱসাগৰৰ ২নং মঠাদাং।

আমালৈ অহা খবৰ অনুসৰি, সুৰাসক্ত এজন আৰক্ষী জোৱানৰ ৱেগ’নাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা নৱজ্যোতি ফুকন নামৰ যুৱকজনক নিশাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও পথতে মৃত্যু ঘটে। উল্লেখ্য যে, মঙলবাৰৰ নিশা ‘AS 01 BD 5730’ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ চালক প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানজনৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল AS 04 T 1765 নম্বৰৰ হিৰ’ এছিভাৰ ১৫০ বাইকখনৰ আৰোহী নৱজ্যোতি ফুকন নামৰ যুৱকজন। পাছত ততাতৈয়াকৈ তেওঁক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও উপযুক্ত চিকিৎসা লাভৰ পূৰ্বে মৃত্যু ঘটে।

লক্ষ্যণীয় যে, দুৰ্ঘটনাৰ পাছতে আৰক্ষী জোৱানজনে পলায়নৰ চেষ্টা চলাই যদিও ৰাইজে খেদি খেদি কৰায়ত্ত কৰে। নিহত যুৱকজনৰ আত্মীয়ই সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৩৩১/২০২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৩০৪(এ)ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষী জোৱানজনক। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ৱেগ’নাৰখনৰ পৰা সুৰাৰ বটল, আৰক্ষী বিভাগৰ বেল্ট আৰু টুপীও উদ্ধাৰ কৰা হয়। প্ৰদীপ দাস নামৰ আৰক্ষী জোৱানজন লিগিৰীপুখুৰীস্থিত ‘APBN’ত কৰ্মৰত। ইফালে দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ লৈ সদৰ আৰক্ষী থানাত প্ৰতিবাদ কৰে নিহত যুৱকজনৰ আত্মীয়ৰ। আদালতলৈ নিয়া অৱস্থাত আৰক্ষীৰ বাহনতে প্ৰদীপ দাসক আক্ৰমণৰ চেষ্টা ক্ষোভিত ৰাইজৰ। ঘটনাটোক লৈ সদৰ থানাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular