spot_img
24.9 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকনগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ : গুলীবিদ্ধ ড্ৰাগ্ছ-ভূমাফিয়া

নগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ : গুলীবিদ্ধ ড্ৰাগ্ছ-ভূমাফিয়া

ধিং : নগাঁৱৰ ধিঙত অসম আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ৷ ১নং কান্ধুলীমাৰীত গুলীবিদ্ধ হয় ড্ৰাগ্ছ-ভূমাফিয়া ৷ আৰক্ষীৰ গুলীত আহত হয় ডকাইত নুৰ হুছেইন নামৰ এজন লোক৷ ধিঙত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ। নিশা ধিং আৰক্ষীয়ে কৰায়ত্ব কৰিছিল দুধৰ্ষ ডকাইত তথা ড্ৰাগছ তথা ভূ-মাফিয়া নুৰ হুছেইনক ।

ধিং আৰক্ষীয়ে আটক কৰাৰ সময়তেই পিষ্টলেৰে আৰক্ষীলৈ গুলীয়াবলৈ চেষ্টা চলাওঁতেই আৰক্ষীয়ে দুধৰ্ষ ডকাইতটোক গুলিয়াই আহত কৰে । দুধৰ্ষ ডকাইতটোৰ ভৰিত গুলী লাগে আৰু নিশাই উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ।

উল্লেখ্য যে, দেওবাৰে ভূ-মাফিয়া নুৰ হুছেইনৰ নেতৃতত ২০- ২৫ জনীয়া অস্ত্ৰধাৰী দলে একে অঞ্চলৰে উৰজত আলিকে ধৰি ৮ জন লোকক আক্ৰমন কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। আক্ৰমণত উৰজত আলীক পিষ্টলেৰে গুলিয়াইছিল নুৰ হুছেইনে। উৰজত আলি বৰ্তমানেও চিকিৎসাধীন অৱস্থাত । তেতিয়াৰ পৰাই আৰক্ষীয়ে নুৰ হুছেইনৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.9 ° C
24.9 °
24.9 °
92 %
1.7kmh
1 %
Mon
25 °
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular