spot_img
15 C
Guwahati
15 C
Guwahati
বৃহস্পতিবাৰ, ডিচেম্বৰ 2, 2021
Homeআঞ্চলিকস্মাৰ্ট পুলিচিঙত দেশৰ তৃতীয় স্থানত অসম আৰক্ষী, যোগী আদিত্যৰ আৰক্ষীক অতিক্ৰম অসম...

স্মাৰ্ট পুলিচিঙত দেশৰ তৃতীয় স্থানত অসম আৰক্ষী, যোগী আদিত্যৰ আৰক্ষীক অতিক্ৰম অসম আৰক্ষীৰ

প্ৰস্তুতি গগৈঃ শেহতীয়াকৈ অসম আৰক্ষীৰ শূন্য সহনশীলতাৰ কথা সকলোৱে শুনিছে আৰু দেখিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমআৰক্ষীক দিছে দায়িত্ব পালনৰ পূৰ্ণ স্বাধীনতা৷ তাৰ মাজতে দেশত উজলিছে অসমআৰক্ষী৷ নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা অৰ্জনেৰে দেশত উজলিছে অসম আৰক্ষী৷ ‘IPF স্মাৰ্ট পুলিচিঙৰ সূচাংক 2021’ৰ তৃতীয় স্থানত অসম আৰক্ষী৷

সমাজৰ বিভিন্ন স্তৰত IPF-এ চলোৱা সমীক্ষাৰ পাছত নিৰ্ধাৰণ কৰা হৈছে এই স্থান৷ ভাৰতৰ সকলো ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহতো চলোৱা হৈছিল সমীক্ষা৷ এই তালিকাৰ শীৰ্ষত আছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা৷অসম আৰক্ষীৰ ভাল ব্যৱহাৰ, দায়িত্বশীলতা, জনসাধাৰণৰ লগত সু-সম্পৰ্ক, কঠোৰতা, বন্ধুত্বসুলভ ইত্যাদি দিশসমূহৰ সূচাংক আন ৰাজ্যৰ তুলনাত সন্তুষজনক৷ যাৰ পৰিপেক্ষিতত সমীক্ষাত নিকা, পক্ষপাতহীন, আইনী দক্ষতাৰ বাবে IPFৰ তৃতীয় স্থানত অসম আৰক্ষী৷

সমান্তৰালকৈ এই সমীক্ষাতে পোহৰলৈ আহিছে বিহাৰ, উত্তৰ প্ৰদেশৰ আৰক্ষীৰ নিম্ন সূচাংক৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মাৰ্ট পুলিচ ব্যৱস্থাৰে অন্তৰ্গত এই সমীক্ষা৷অসম আৰক্ষীৰ এই সফলতাৰ আঁৰত আছে এদল দক্ষ আৰক্ষী বিষয়া আৰু জোৱানৰ কৰ্মদক্ষতা৷ এই তালিকাৰে পঞ্চম আৰু ষষ্ঠ স্থানত আছে উত্তৰ-পূৰ্বাঞ্চলৰে দুখন ৰাজ্যৰ আৰক্ষী ক্ৰমে চিকিম আৰু মিজোৰামৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular