Google search engine
28 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকনৱবৰ্ষৰ প্ৰথম দিনতে অসম আৰক্ষীত ব্যাপক সালসলনি

নৱবৰ্ষৰ প্ৰথম দিনতে অসম আৰক্ষীত ব্যাপক সালসলনি

গুৱাহাটী : নতুন বছৰৰ পহিলা দিনটোতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি কৰে৷ গুৱাহাটীৰ যুটিয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ক একে স্থানৰে Join commissioner of police (Crime and law & order)ৰ দায়িত্ব দিয়া হয়৷ High Commission of india , আবুধাবীৰ প্ৰথম সচিব সুনীল কুমাৰক অসম আৰক্ষীৰ ডিআইজিপিৰ দায়িত্বভাৰ দিয়া হয়। কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক গুৱাহাটীৰ DIGP(AP) ৰ দায়িত্ব দিয়া হয়।

আৰু পঢ়িব পাৰিব : আজিৰেপৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ চানডুবি উৎসৱ

ডিব্ৰুগড়ৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা (IPS) ক যোৰহাটৰ SB(EZ) কেম্পৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়াৰ লগতে পুলিচ কমিচনাৰেট গুৱাহাটীৰ Addl. DCP শুভ্ৰজিৎ বৰাক পদোন্নতিসহ কোকৰাঝাৰৰ চাৰিখোলাস্থিত 7th APBn. ৰ কামাণ্ডেন্টৰ দায়িত্ব দিয়া হয়৷

ইফালে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহন লাল মিনা (IPS) ক ওদালগুৰিৰ খাজুৱাবিলৰ 3rd APTF Bn. ৰ কামাণ্ডেন্টৰ দায়িত্ব দিয়া হয়৷ কোকৰাঝাৰৰ চাৰিখোলাস্থিত 7th APBn. ৰ কামাণ্ডেন্ট মনমোহন বড়ো (APS) ক BI(EO-1) ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব আৰু নগাঁও বড়মপুৰস্থিত 9th APBn. ৰ কামাণ্ডেন্ট হিতেশ চন্দ্ৰ ৰয়ক কামৰূপৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হয়।

আৰু পঢ়িব পাৰিব : ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিল’মিটাৰ পদযাত্ৰা যুৱকৰ

অসম আৰক্ষীৰ AIGP(Logistics) ধৰ্মেন্দ্ৰ কুমাৰ দাসক DCP(ops) ৰ দায়িত্ব প্ৰদান কৰাৰ লগতে যোৰহাটস্থিত SB (EZ) ৰ আৰক্ষী অধীক্ষক লীনা দলেক গুৱাহাটীৰ SB(Z)ৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব, কোকৰাঝাৰ গোসাঁইগাঁৱৰ SDPO সিদ্ধাৰ্থ বৰগোঁহাইক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, সৰুপথাৰৰ SDPO পংকজ যাদৱক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, মাইবঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুষ্কিন জৈনক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব ।

আৰু পঢ়িব পাৰিব : ক’ভিড বিধি মানি বিদ্যালয়লৈ ঢাপলি কণ-কণ শিক্ষাৰ্থীৰ

বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডুংগেলক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি ।কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিৰঞ্জন নাথক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব, নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয়৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Fri
28 °
Sat
27 °
Sun
30 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular