spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeআঞ্চলিকআকৌ বন্ধ স্কুল! কাল কৰ'নাই বাৰে বাৰে কাঢ়ি নিছে ছাত্ৰ-ছাত্ৰীৰ সোণালী ভৱিষ্যৎ

আকৌ বন্ধ স্কুল! কাল কৰ’নাই বাৰে বাৰে কাঢ়ি নিছে ছাত্ৰ-ছাত্ৰীৰ সোণালী ভৱিষ্যৎ

ডিজিটেল ডেস্কঃ পৃথিৱীত পুনৰ কৰ’না ভাইৰাছৰ আতংক। এই আতংকই ভাৰতকো চুই গৈছে। কৰ’নাৰ লগতে বাঢ়িছে অ’মিক্ৰণৰ ত্ৰাস। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ক’ভিডে এতিয়া কালান্তক ৰূপ ধাৰণ কৰিছে। অসমত আজি অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে।

এনে সময়তে আজি ৰাজ্য চৰকাৰে ক’ভিড সম্পৰ্কীয় এখন নতুন এছঅ’পি জাৰি কৰে। নতুন এছঅ’পি অনুসৰি কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে সকলো শ্ৰেণীৰ পাঠদান বন্ধ থাকিব। একেদৰে ৰাজ্যৰ আন জিলা সমূহত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ। কামৰূপ মেট্ৰ’ জিলাত সকলো বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰা ওপৰৰ সকলো শ্ৰেণীৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব।

একেদৰে ৰাজ্যৰ আন জিলা সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আন শ্ৰেণী সমূহৰ পাঠদান এদিনৰ পিছত এদিনকৈ বিকল্প পদ্ধতিৰে চলি থাকিব। ক’ৰোনা মহামাৰীৰ বাবে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে শিক্ষা ব্যৱস্থাটো। দীৰ্ঘ সময় ধৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল আৰু লাহে লাহে পৰিস্থিতি ভাললৈ অহাত স্কুলসমূহ খোলা হৈছিলহে। পুনৰ আকৌ বন্ধ দিবলগীয়া পৰিস্থিতি আহি পৰিল। বৰ্তমান গোটেই শিক্ষা ব্যৱস্থাটো অনলাইন মাধ্যমৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো ছাত্ৰ-ছাত্ৰীয়ে অনলাইন মাধ্যমত পঢ়া-শুনা কৰিবলগীয়া হৈছে। আনকি পৰীক্ষাও অনলাইন পদ্ধতিত পাতিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ল। পৰিস্থিতিৰ তাগিদাত অনলাইন মাধ্যমেৰে শিক্ষা ব্যৱস্থাটো আগুৱাই নিয়া হৈছে যদিও প্ৰকৃততে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিছেনে, সেয়া ভাবিবলগীয়া বিষয়।নিজ সন্তানক ম’বাইল ফোনৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা চলাই থকা শিক্ষক-অভিভাৱকে উপয়ান্তৰ হৈ শিক্ষাৰ্থীৰ হাতত ম’বাইল ফোন তুলি দিবলৈ বাধ‍্য হ’ল। তাৰ প্ৰভাৱ নিশ্চয়কৈ চিন্তাৰ বিষয়। বৰ্তমানৰ ল’ৰা-ছোৱালীসকল সম্পূৰ্ণৰূপে মোবাইলকেন্দ্ৰিক হৈ পৰাটো এই পৰিস্থিতিয়েই দায়ী।

ইয়াৰ উপৰি ৰাজ‍্যৰ শিক্ষাৰ ক্ষেত্ৰত অনলাইন ব‍্যৱস্থাই প্ৰকৃততে ছাত্ৰ সমাজক কিমান উপকৃত কৰিছে সেয়া ভাবিবলগীয়া বিষয়। ক’ৰোনা সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱৰালৈকে ৰাজ‍্যৰ শিক্ষাখণ্ডত ভয়াৱহ ভৱিষ‍্যতৰ ইংগিত বহন কৰাৰ লগতে এক অনিশ্চয়তাৰ পৰিৱেশে বিৰাজ কৰি থকাটো খাটাং। অনলাইন শিক্ষা ব্যৱস্থা চহৰ অঞ্চলসমূহতে ফলপ্ৰসূ হৈছে বুলি ক’ব পাৰি। অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাই। আনকি মোবাইল ফোন যোগাৰ কৰি ল’ব নোৱৰা বাবে আত্মহত্যাৰ দৰে ঘটনাও ঘটিছে৷ গতিকে সময় বৰ কুটিল হৈ পৰিছে বুলি ইয়াৰ দ্বাৰাই বুজিব পাৰি।যিমান অনলাইন ক্লাছ চলি থাকিলেও স্কুললৈ গৈ শিক্ষক শিক্ষয়িত্ৰীৰ ছত্ৰছায়াত শিক্ষাগ্ৰহণ কৰাৰ নিচিনা কেতিয়াও হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰী, শিশু, কিশোৰ-কিশোৰীৰ সোণোৱালী সময়খিনি বৰ বেয়াকৈ কাঢ়ি নিলে কাল কৰ’নাই… এই অপূৰণীয় ক্ষতি কোনেও কেতিয়াও পূৰণ কৰিব নোৱাৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular