spot_img
16 C
Guwahati
16 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকলজ্জাজনক ! ধনৰ অভাৱত গণৰাজ্য দিৱসত নাথাকিব অসমৰ প্ৰতীকপট

লজ্জাজনক ! ধনৰ অভাৱত গণৰাজ্য দিৱসত নাথাকিব অসমৰ প্ৰতীকপট

ডিজিটেল ডেস্কঃ আহি আছে গণৰাজ্য দিৱস। এইবাৰ গণৰাজ্য দিৱসত অসমৰ বাবে অতি দুখৰ খবৰ যে নতুন দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত নহয় অসমৰ প্ৰতীকপট। পুঁজিৰ অভাৱৰ বাবেই এইবাৰ গণৰাজ্য দিৱসৰ পেৰেড তথা সাংস্কৃতিক কাৰ্যসূচীত প্ৰতীকপট নাথাকে অসমৰ। গণৰাজ্য দিৱসত দেশৰ সকলো ৰাজ্যই নিজ নিজ প্ৰতীকপট প্ৰদৰ্শন কৰে আৰু ইয়াক গণৰাজ্য দিৱসৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী বুলি গণ্য কৰা হয়। প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ এক উল্লেখযোগ্য বিষয়বস্তুক প্ৰতীকপটত উপস্থাপন কৰি নিজ ৰাজ্যৰ ঐতিহ্য বিশ্বৰ আগত দাঙি ধৰে। গণৰাজ্য দিৱসত এইবাৰ বীৰাংগনা কনকলতা বৰুৱাকে ধৰি স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক উপস্থাপন কৰাৰ কথা আছিল। কিন্তু অতি লজ্জাৰ বিষয়টো হ’ল প্ৰতীকপট উপস্থাপন কৰিবলৈকে অসমত পুঁজিৰ অভাৱ হ’ল। শেষ মূহুৰ্তলৈকে অসমে যোগদান নিশ্চিত কৰিব নোৱাৰাত অৱশেষত অসমৰ নাম বাতিল কৰা হয়।

সততে উন্নয়নৰ ঢাক-ঢোল বজোৱা ৰাজ্য চৰকাৰে গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰা বিষয়টো চৰম ব্যৰ্থতাৰ বিষয় হিচাপে বিবেচিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টো দৃষ্টিগোচৰ হোৱাত বিষয়টোৰ অনুসন্ধানৰ বাবে সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াক তলৱ কৰে। পুঁজিৰ অভাৱৰ বাবেই অসমে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত ভাগ ল’ব নোৱাৰা বুলি বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্পষ্টকৈ জনায় ঠাকুৰীয়াই। এই কথা শুনি মুখ্যমন্ত্ৰী শৰ্মা খঙত জ্বলি-পকি উঠে আৰু কিশোৰ ঠাকুৰীয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিবক নিৰ্দেশ দিয়ে। তাৰপাছতেই কিশোৰ ঠাকুৰীয়াক সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব পদলৈ বদলি কৰা হয়।

আনহাতে উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা দেৱজিত খনিকৰক কিশোৰ ঠাকুৰীয়াৰ পদত অৰ্থাৎ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। যোৱা ৩ জানুৱাৰীত খনিকৰে নতুন পদত যোগদান কৰি দায়িত্ব চমজি লয় যদিও প্ৰতীকপট সন্দৰ্ভত তেওঁ একো কৰিব পৰা নাই। কাৰণ এই বিষয়টোৰ সন্দৰ্ভত দিল্লীয়ে কোনো যোগাযোগ কৰা নাই অসমৰ লগত।

এতিয়া কথা হ’ল সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ কৈয়ে দায়িত্ব সামৰিলে ৰাজ্য চৰকাৰে। ইমান এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰ পূৰ্বৰে পৰা সজাগ আৰু সচেতন হৈ কামৰ খতিয়ান ল’ব লাগিছিল। বীৰাংগনা কনকলতাক লৈ কৰা সমগ্ৰ পৰিকল্পনা অথলে গ’ল। সময় যেতিয়া শেষ হৈ আহিল, যেতিয়া পেৰেডত ভাগ লোৱাত অসমৰ নাম বাতিল হ’ল তেতিয়াহে কিয় অসমৰ প্ৰতীকপট নিৰ্মাণ নোহোৱা কথাটো দৃষ্টিগোচৰ হ’ল চৰকাৰৰ? ইয়াৰ উত্তৰ দিব পাৰিবনে চৰকাৰে? যদিহে ২৬ জানুৱাৰীত অসমৰ প্ৰতীকপট উপস্থাপন কৰিব পৰাকৈ কিবা ব্যৱস্থা হৈ উঠে তেন্তে সেয়া নিশ্চয়কৈ আমাৰ বাবে হ’ব এক সুখৰ খবৰ।

আৰু পঢ়কঃ UPSC ৰ IES পৰীক্ষাত উজলিল অসমৰ অসীম গোস্বামী; দেশৰ ভিতৰত চতুৰ্থ স্থান দখল

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular