প্ৰাগ নিউজৰ বাতৰি সঁচা প্ৰমাণিত; গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ চূড়ান্ত তালিকাত নাম নাই অসমৰ!

182
প্ৰাগ নিউজৰ
প্ৰাগ নিউজৰ বাতৰি সঁচা প্ৰমাণিত; গণৰাজ্য দিৱসৰ প্ৰতীকপটৰ চূড়ান্ত তালিকাত নাম নাই অসমৰ!

ডিজিটেল ডেস্কঃ যোৱা ১০ জানুৱাৰীত প্ৰাগ নিউজে এটা বাতৰি পৰিৱেশন কৰিছিল যে এইবাৰ গণৰাজ্য দিৱসত দিল্লীত ৰাষ্ট্ৰীয় পেৰেডত প্ৰদৰ্শিত নহয় অসমৰ প্ৰতীকপট। ধনৰ অভাৱৰ বাবেই এইবাৰ গণৰাজ্য দিৱসৰ পেৰেড তথা সাংস্কৃতিক কাৰ্যসূচীত প্ৰতীকপট নাথাকে অসমৰ। গণৰাজ্য দিৱসত দেশৰ সকলো ৰাজ্যই নিজ নিজ প্ৰতীকপট প্ৰদৰ্শন কৰে আৰু ইয়াক গণৰাজ্য দিৱসৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী বুলি গণ্য কৰা হয়। প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ এক উল্লেখযোগ্য বিষয়বস্তুক প্ৰতীকপটত উপস্থাপন কৰি নিজ ৰাজ্যৰ ঐতিহ্য বিশ্বৰ আগত দাঙি ধৰে। গণৰাজ্য দিৱসত এইবাৰ বীৰাংগনা কনকলতা বৰুৱাকে ধৰি স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাক উপস্থাপন কৰাৰ কথা আছিল। কিন্তু অতি লজ্জাৰ বিষয়টো হ’ল প্ৰতীকপট উপস্থাপন কৰিবলৈ ধন নাই ৰাজ্য চৰকাৰৰ। এই বাতৰিৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সকলোৱে একমুখে গৰিহনা দিছিল ৰাজ্য চৰকাৰক। অৱশেষত সেই বাতৰি সঁচা প্ৰমাণিত হ’ল।

অহা ২৬ জানুৱাৰীত ৰাজপথত প্ৰদৰ্শন কৰিব লগা প্ৰতীকপটৰ প্ৰায় চূড়ান্ত হোৱা তালিকাত নাম নাই অসমৰ। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াই জানিবলৈ দিয়া অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ প্ৰতীকপট এইবাৰ গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব। দুই এদিনৰ ভিতৰত প্ৰতীকপট সম্পৰ্কীয় এখন বৈঠক অনুষ্ঠিত হ’ব আৰু উক্ত বৈঠকত এতিয়ালৈকে চূড়ান্ত হোৱা ৰাজ্যসমূহৰ বাহিৰে কোনো নতুন ৰাজ্যৰ প্ৰতীকপটে অনুমোদন লাভ কৰাৰ সম্ভাৱনা তেনেই ক্ষীণ। এনে পৰিস্থিতিত ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেডত দিল্লীৰ ৰাজপথত অসমৰ প্ৰতীকপট প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা প্ৰায় নোহোৱা হৈছে। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ প্ৰতীকপট নিৰ্মাণৰ দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ হাতত ন্যস্ত থাকে আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া মাপকাঠীৰ ভিত্তিত এই প্ৰতীকপট নিৰ্মাণ কৰিবলগা হয়।

সততে উন্নয়নৰ ঢাক-ঢোল বজোৱা ৰাজ্য চৰকাৰে গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট উপস্থাপন কৰিব নোৱাৰা বিষয়টো চৰম ব্যৰ্থতাৰ বিষয় হিচাপে বিবেচিত হৈছে। ভাৰতৰ গণৰাজ্য দিৱসতে নিজৰ এটা প্ৰতীকপট নিৰ্মাণ কৰিবলৈ ব্যৰ্থ হোৱা এই ৰাজ্য চৰকাৰে এই দেশৰ উন্নয়ন কেনেকৈ কৰিব সেয়া নিশ্চয়কৈ ভাবিবলগীয়া বিষয়। ইমান এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰ পূৰ্বৰে পৰা সজাগ আৰু সচেতন হৈ কামৰ খতিয়ান ল’ব লাগিছিল। বীৰাংগনা কনকলতাক লৈ কৰা সমগ্ৰ পৰিকল্পনা অথলে গ’ল। এই চূড়ান্ত অৱহেলাৰ বাবে সাংস্কৃতিক বিভাগক কি শাস্তি বিহিব ৰাজ্য চৰকাৰে? অসমবাসীয়ে এতিয়াও আশা এৰা নাই। শেষ মূহুৰ্ততো যাতে অসমৰ প্ৰতীকপট দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত হ’ব পৰাকৈ সকলো ব্যৱস্থা হৈ উঠে তাৰ বাবে বাট চাব অসমে আৰু যদিহে সেয়া হৈ নুঠে তেন্তে ‘জয় মা ভাৰতী’ বুলি জয়ধ্বনি দিয়াৰ কোনো অধিকাৰ নাথাকিব অসম চৰকাৰৰ।