spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিককথাশিল্পী ইমৰান শ্বাহলৈ ওপজা দিনৰ অলেখ শুভকামনা

কথাশিল্পী ইমৰান শ্বাহলৈ ওপজা দিনৰ অলেখ শুভকামনা

ডিজিটেল ডেস্কঃ ‘বনবাসী’ৰ পৰা ‘দোকমোকালি’লৈ এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী তথা পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ওপজা দিন। আজি ৮৯ বছৰত ভৰি দিলে কথাশিল্পী ইমৰান শ্বাহে। ১৯৩৩ চনত শিৱসাগৰ নগৰৰ ধাই আলিত অসমীয়া ভাষা-সাহিত্যৰ অন্যতম মাইলৰ খুঁটা ইমৰান শ্বাহে জন্মগ্ৰহণ কৰিছিল। ৮৮ৰ দেওনা অতিক্ৰমি কৰিও কথাশিল্পীগৰাকী যেন আজিও দুৰন্ত তৰুণ।

মুখত মিচিকিয়া হাঁহি, পিন্ধনত বগা পাইজামা-বনিয়ন,হাতত কোৰ-খন্তি লৈ এইজন চিৰ তৰুণ আজিও ব্যস্ত হৈ পৰে বাৰীৰ ফুল-পাচলিৰ আপদালত। এতিয়াও হাতত কলম লৈ বহে সৃষ্টিৰ সাধনাত। নতুনত্বৰ সন্ধান কৰে ইণ্টাৰনেটত। বৰ্তমানো কথাশিল্পীগৰাকী ব্যস্ত হৈ আছে অনুবাদ সাহিত্য ৰচনাত। গল্পৰ অনুবাদ কৰ্মত ব্যস্ত পদ্মশ্ৰী ইমৰান শ্বাহ।ঈষাণ দত্ত,বাবুল,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প,কবিতা,উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা আজানপীৰ বঁটা প্ৰাপক সাহিত্যিকগৰাকীয়ে সাহিত্য ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই।

সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰীকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থই প্ৰাণ পাইছে সাহিত্যিকগৰাকীৰ পৰিপুষ্ট চিন্তাত। মৃদুভাষী সৃষ্টিৰ সাধকজনৰ বাবে ৰাইজৰ মৰমেই সৃষ্টিৰ সমল। নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘বনবাসী’ লিখা ইমৰান শ্বাহ নৱ প্ৰজন্মৰ লেখক-লেখিকাক লৈ যথেষ্ট আশাবাদী।

নিজৰ ওপজা দিনটোতে সেয়ে কথাশিল্পীগৰাকীয়ে নৱ প্ৰজন্মক উদ্দ্যেশি কয় যে ”সমাজ সলনি হৈছে। সময় সলনি হৈছে। এই পৰিৱৰ্তিত যি অৱস্থা, তাত নৱপ্ৰজন্মই সাৱধানতাৰে অধ্যয়ন কৰি সময়ৰ লগত খাপ খুৱাই আগবাঢ়ি যাবলৈ যত্ন কৰিব লাগিব।” ইফালে আজি পুৱাৰে পৰা বিভিন্নজনে মৰমৰ সাহিত্যিকগৰাকীক জন্মদিনৰ অলেখ শুভেচ্ছা জনাইছে। কুশলে থাকক ইমৰান শ্বাহ..সাহিত্যৰ পথাৰত সিঁচি যাওক নৱ চেতনাৰ নৱ উন্মেষৰ বীজ।

আৰু পঢ়কঃ মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড;ঘৰৰ ভিতৰত হানি-খুচি হত্যা এজন লোকক

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular