spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকপুনৰ ঘূৰি আহিব শৈশৱৰ সোণোৱালী দিন! আপোনাৰ সঁহাৰিত জী উঠিব টিংকল

পুনৰ ঘূৰি আহিব শৈশৱৰ সোণোৱালী দিন! আপোনাৰ সঁহাৰিত জী উঠিব টিংকল

ডিজিটেল ডেস্কঃ টিংকল ৮০-৯০ দশকৰ শিশু-কিশোৰৰ বাবে এক আৱেগৰ নাম। ৰংচঙীয়া বেটুপাতৰ সৈতে আটকধুনীয়া টিংকলখন কিমান যে আপোন আছিল সেয়া সেই সময়ৰ শিশু-কিশোৰে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে। টিংকলে এক অৰ্থত ৮০-৯০ দশকৰ শৈশৱ কালটো কল্পনাৰ ৰঙেৰে সমৃদ্ধ কৰি ৰাখিছিল। সুপন্দি, তন্ত্ৰী নামৰ মন্ত্ৰী, হোজা, কালিয়া নামৰ কাউৰী, চামটকা,ডুবডুব,চিকাৰী শম্ভূ, মেঁউ আৰু মিউ,প্যাৰেলাল, লাজৱন্তী,জানু, ঊলিউ,আনোৱাৰ,মোল্লা নাছিৰুদ্দিন,ৰঘূ আদিলৈ আপোনাৰ বাৰু মনত পৰেনে?

বহুতেই এতিয়াও সন্ধান কৰে কেনেবাকৈ ক’ৰবাত টিংকল এখন কিতাপৰ দোকানত ওলমি থকা দেখা পাওঁ নেকি বুলি। কিন্তু নাই ২০০৩ নে ২০০৪ চনত অসমীয়া টিংকলৰ প্ৰকাশ বন্ধ হ’ল যি হ’লেই,ক’তো দেখিবলৈকে নোপোৱা হ’ল। বহু লোকে এতিয়াও তাহানিতে পঢ়া টিংকলসমূহ সযতনে সাঁচি থৈছে। বহুকেইখন হেৰায়ো গ’ল। এইখিনিতে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ‘টিংকল প্ৰেমী’ নামৰ ফেচবুক গোটটোৱে। ‘টিংকল প্ৰেমী’ নামৰ গোটটোৰ স্ৰষ্টা স্পন্দন গোস্বামী আৰু হিতোজ্জল চেতিয়াই টিংকলৰ পুনৰ প্ৰকাশৰ বাবে টিংকলৰ স্বত্বাধিকাৰী অমৰ চিত্ৰ কথাৰ সৈতে যোগাযোগ কৰে।

অমৰ চিত্ৰ কথাই নূন্যতম ৫০০০ গ্ৰাহক নিশ্চিত হ’লে টিংকলৰ পুনৰ প্ৰকাশ কৰিম বুলি কথা দিয়ে। ৫০০০ গ্ৰাহক সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব টিংকলৰ ছপা কাম আৰু ইয়াৰ পাছতেই ৰাইজৰ হাতত আহি পৰিবহি মৰমৰ আলোচনীখন। অমৰ চিত্ৰ কথাৰ সৈতে এক যুটীয়া প্ৰয়াসৰ মাজেৰে ‘নষ্টালজিক অসম’ নামৰ এটা ৱেবছাইট মুকলি কৰা হৈছে। এই ৱেৱচাইটত গৈ টিংকলৰ বাবে গ্ৰাহকে অগ্ৰীম বুকিং কৰিব লাগিব। টিংকল ক্ৰয়ৰ বাবে আগ্ৰহীসকলৰ বাবে অহা ২৪ নবেম্বৰ সন্ধিয়া ৬ বজালৈ বুকিং খোলা থাকিব। এই প্ৰচেষ্টাত আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে গ্ৰাহক তথা টিংকলপ্ৰেমীসকলে।

যিসকলে এতিয়াও বুকিং কৰা নাই nostalgicassam.comত কৰিব পাৰিব। আপুনি টিংকল পঢ়ি যেনেদৰে আনন্দিত হৈছিল ঠিক তেনেদৰে আপোনাৰ সন্তান তথা আত্মীয় কাৰোবাক সেই আনন্দকণ লোৱাৰ সুযোগ ইয়াৰ জৰিয়তে দিব পাৰিব। শিশুসকলক মোবাইলৰ পৃথিৱীৰ পৰা উভতাই আনি টিংকলৰ ৰঙীন পৃথিৱীখনৰ সৈতে পৰিচয় কৰাই দিয়াৰ এয়াই সুবৰ্ণ সুযোগ। সবিশেষ জানিবৰ বাবে ‘টিংকল্ প্ৰেমী Tinkle Lovers’ নামৰ ফেচবুক গ্ৰুপত যোগাযোগ কৰক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular