spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিককমলাক্ষৰ এখন সংবাদ মেলে কেনেকৈ কংগ্ৰেছৰ ভেটি কপাইছে ?

কমলাক্ষৰ এখন সংবাদ মেলে কেনেকৈ কংগ্ৰেছৰ ভেটি কপাইছে ?

ডিজিটেল ডেস্ক : বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ বিভাজনক এতিয়া যেন অধিক উদঙাই তুলিছে ভাষাকেন্দ্ৰিক সংঘাতে। প্ৰদীপ দত্ত ৰয়ৰ দৰে একাংশ লোকৰ উচতনিমূলক কাৰ্যই এতিয়া বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। বাৰম্বাৰ অসমীয়া ভাষাক অপমান আৰু ভাষাবিদ্বেষী মনোভাবৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰদীপ দত্ত ৰয়ৰ সপক্ষে মাত মাতিছে এগৰাকী কংগ্ৰেছ বিধায়কে। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত কংগ্ৰেছৰ দ্বিচাৰিতাক উদঙাই দি এইবাৰ মুখ খুলিছে কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। এইবাৰ প্ৰদীপ দত্ত ৰয়ক সমৰ্থন কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে পুৰকায়স্থ। মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ দাবী জনাইছে কংগ্ৰেছ বিধায়কজনে।


সংবাদ মাধ্যমৰ আগত ভালেমান বিস্ফোৰক দাবী কৰি কয়, ‘লাচিত সেনাই যেতিয়া বঙালীক মাৰিম বুলি কৈছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে বেয়া কথা শুনিব নালাগে বুলি মন্তব্য কৰিছিল। কিন্তু কালি প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ জাপি দিয়া হৈছে। মই মুখ্যমন্ত্ৰীক প্ৰত্যহ্বান জনাইছোঁ, বাকী সকলকো গ্ৰেপ্তাৰ কৰক। ‘ভাষা আইন’ অনুসৰি বৰাকত বাংলা ভাষাৰ বেনাৰ লাগিবই। কিন্তু গুৱাহাটীত বাংলা ভাষাৰ বেনাৰ লাগিলে আমিয়েই কম আঁতৰাই দিব লাগে বুলি। অসমত হিটলাৰী শাসন চলিছে নেকি? মুখ্যমন্ত্ৰীয়ে বৰাক আৰু বঙালীবিৰোধী কাম কৰিছে। প্ৰদীপ দত্ত ৰায়ে গণতন্ত্ৰিক ব্যৱস্থাৰ মাজেৰে কাম কৰিছে বুলিও তেওঁ দাবী কৰে। তেওঁ অসমীয়া ভাষাৰ বেনাৰত ক’লা ৰং সনা আৰু বেনাৰ আঁতৰোৱা কথাৰ বিৰোধিতা কৰে যদিও দেশদ্ৰোহী চার্জ লগোৱাটো যুক্তিসংগত নহয় বুলিও দাবী কৰে। তেওঁ প্ৰদীপ দত্ত ৰয়ক দেশদ্ৰোহী বুলি প্ৰমাণ কৰিবলৈও চৰকাৰক প্ৰত্যাহ্বান জনায়। আইন নামানি বৰাকলৈ কিয় অসমীয়া বেনাৰ পঠিয়ালে বুলিও তেওঁ প্ৰশ্ন কৰে। বিষয়াসকলকো তেওঁ ইয়াৰ বাবে দায়ী কৰে। তেওঁ ভাল এটা পৰিৱেশ বিচৰাৰ কথা প্ৰকাশ কৰি প্ৰত্যেকৰ মাজত ভাতৃত্ববোধ থাকিব লাগে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে নিজা এজেণ্ডা মতে চলে বুলিও অভিযোগ কৰে পুৰকায়স্থই।


মন কৰিবলগীয়া যে, বাৰম্বাৰ উচতনিমূলক মন্তব্য আৰু অসমীয়া ভাষাবিদ্বেষী কাৰ্যৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিদ্বেষ সৃষ্টিৰ চেষ্টা কৰি আহিছে প্ৰদীপ দত্ত ৰয়ে। উল্লেখ্য যে, অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহঁয়ে তেওঁক চৰকাৰৰ মানুহ আখ্যা দিছিল। চৰকাৰৰ উদ্দেশ্য পূৰণৰ বাবেই তেওঁ এনে বিদ্বেষমূলক আচৰণ কৰাৰ অভিযোগ কৰা হৈছিল। মন কৰিবলগীয়া যে বংগৰ পৰা অসমলৈ সাম্ৰাজ্য বিস্তাৰৰ চেষ্টা কৰি থকা মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক প্ৰতিহত কৰিবলৈকে এনে কৌশল বিজেপিয়ে গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে। কিন্তু তাকে কৰিবলৈ গৈ এনেদৰে দুটা ভাষিক সম্প্ৰদায়ৰ মাজত বিভেদ সৃষ্টি কৰাটো শুভ লক্ষণ নহয় বুলি বিবেচনা কৰা হৈছে। ইফালে, এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত কংগ্ৰেছ বিধায়ক পুৰকায়স্থৰ এই স্থিতিৰ পাছত কংগ্ৰেছে এতিয়া কিদৰে পৰিস্থিতিৰে মোকাবিলা কৰে সেয়া লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular