spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআঞ্চলিকঅসমতেই এলাগী অসমীয়া ভাষা৷ কিয় ২৪ ঘণ্টাত বৰাকৰ পৰা আঁতৰোৱা হ'ল অসমীয়া...

অসমতেই এলাগী অসমীয়া ভাষা৷ কিয় ২৪ ঘণ্টাত বৰাকৰ পৰা আঁতৰোৱা হ’ল অসমীয়া ভাষাৰ ফলক ?

ডিজিটেল ডেস্ক : অসমতে এলাগী হৈ ৰ’ল অসমীয়া ভাষাৰ৷ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ অসমীয়াৰ চিনাকী অসমীয়া গৌৰব ভাষাটো আজি ভূগিছে সংকটত৷ এখন ফলককৈ বৰাকত সৃষ্টি হৈছিল সংঘাটৰ৷ ‘ফলক আঁতৰ নকৰিলে ল’ব বিকল্প ব্যৱস্থা’ এই ভাবুকি প্ৰদান কৰিছিল এটি সংগঠনে৷ অৱশেষত সংগঠনৰ আগত সেও মানি ফলক আঁতৰাই দিলে প্ৰশাসনে৷ বৰাকত কুটিল ষড়অন্ত্ৰৰ বলি হৈছে অসমীয়া ভাষা৷ বৰাকত পুনৰ অসমীয়া ভাষাৰ বিৰুদ্ধে চলিছে গভীৰ ষড়যন্ত্ৰ৷ অস্তিত্বহীন হ’ব নেকি অসমতেই অসমীয়া ভাষা?

কিছুদিন পুৰ্বে অসম লোকসেৱা আয়োগৰ পৰা বাতিল কৰা হৈছিল অসমীয়া ভাষা৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰিছিল৷ তাৰপাছত সমালোচনাৰ বলি হৈছিল মুখ্য়মন্ত্ৰী৷ উল্লেখ্য যে, বৰাক উপত্যকাত অসমীয়া ভাষাত এখন ফলক লগোৱা হৈছিল৷ যাৰ বাবে বৰাক ডেম’ক্ৰেটিক সংগঠনটোৱে তীব্ৰ বিৰোধীতা কৰিছিল৷

শিলচৰত ৰাজ্য চৰকাৰে লগোৱা এই অসমীয়া ভাষাৰ বিজ্ঞাপনৰ বেনাৰখনত আঁতৰ কৰিবলৈ প্ৰশাসনক বান্ধি দিছিল ২৪ ঘণ্টাৰ সময়৷ আজি পুৱাৰ ভাগতে বৰাকৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বিজ্ঞাপন৷ চৰকাৰী বিজ্ঞাপন আঁতৰালে জিলা প্ৰশাসনে৷ অসমতে আলৈ-আথানি হৈছে অসমীয়া ভাষাৰ৷ অসমত চলা এই ভাষাকেন্দ্ৰীক সংঘাটৰ বাবে চৰকাৰে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ’ব৷ লগতে বৰাকৰ পৰা অসমীয়া ভাষা নি:শেষ কৰাৰ অভিসন্ধিত নিজ ৰাজ্যতেই এলাগী হোৱা অসমীয়াই কিদৰে গ্ৰহণ কৰিব এই অপমাণ?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular