spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ তেজেৰে ৰাঙলী ৰাজপথ, ট্ৰাকে মহতীয়ালে ছখন বাহন, ১৯জনৰ মৃত্যু

পুনৰ তেজেৰে ৰাঙলী ৰাজপথ, ট্ৰাকে মহতীয়ালে ছখন বাহন, ১৯জনৰ মৃত্যু

ডিজিটেল ডেস্ক : এইবাৰ টোলগেটত নিয়ন্ত্ৰনহীন ট্ৰাকৰ তাণ্ডৱ। টোলগেটত ৰৈ থকা ভালেমান গাড়ী মহতীয়াই নিলে কাৰ্গো ট্ৰাকে। এই ভয়াৱহ দুৰ্ঘটনাত নিহত হ’ল ১৯জনকৈ লোকৰ। ৰাজপথ পুনৰ ৰাঙলী হৈ পৰিল তেজেৰে। শনিবাৰে সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও আন তিনিজন লোক আহত হৈছে। মেক্সিকোৰ এটা হাইৱেত এই ঘটনা সংঘটিত হৈছে। মেক্সিকো চিটী আৰু পুৱেলাক সংযোজিত কৰা হাইৱেটোত থকা এটা টোল প্লাজাত এই দুৰ্ঘটনা সংঘটিত হয়।

এখন কাৰ্গ’ ট্ৰাকে টোল বুথটোত ৰৈ থকা কেইবাখনো গাড়ীক মহতীয়াই লৈ যায় আৰু ফলত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। সংঘৰ্ষৰ পাছতে বহুকেইখন গাড়ীত জুইৰ সূত্ৰপাত হয় আৰু অগ্নিপিণ্ডত জাহ যায় কেইবাখনো গাড়ী। ‘টোল বুথটো পাৰ হোৱাৰ সময়তে সেই অভিশপ্ত ট্ৰাকে ছখনকৈ গাড়ীক মহতীয়াই লৈ যায়, ফল’ত ১৯জনকৈ লোকে প্ৰাণ হেৰুৱায়। আন তিনিজন ঘটনাটোত আহত হৈছে।

আৰু পঢ়কঃ সলনি হ’ব পাৰে পৱিত্ৰ চহৰ পুৰীৰ নাম! কি হ’ব নতুন নাম?

নিহতসকলৰ ভিতৰত ট্ৰাকখনৰ চালকো আছে।’ ফেডাৰেল হাইৱে অথৰিটীয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে। প্ৰশাসনে আহত লোকসকলক হাস্পতালত ভৰ্তি কৰোঁৱাৰ লগতে দুৰ্ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা হাইৱেটো মুকলি তথা মেৰামতি কৰা কাম আৰম্ভ কৰিছে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular