spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকপ্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি উগ্ৰতাৰা মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী শৰ্মাৰ

প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি উগ্ৰতাৰা মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী শৰ্মাৰ

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি বুধবাৰে গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত পূজা-অৰ্চনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীৰ মংগল কামনাৰে উগ্ৰতৰা মন্দিৰত ৰুদ্ৰ যজ্ঞও কৰা হয়। উগ্ৰতাৰা মন্দিৰত হোৱা পূজা অৰ্চনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ বহু নেতা-কৰ্মীয়ে ভাগ লয়। প্ৰধানমন্ত্ৰীৰ কুশল কামনা কৰি যজ্ঞত পূৰ্ণ আহুতি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে ৫ জানুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ এখন সভাত অংশ গ্ৰহণ কৰিবলৈ গৈছিল। কিন্তু নিৰাপত্তাজনিত কাৰণত প্ৰায় ২০ মিনিট সময় মোদীৰ কনভয় ফ্লাই অভাৰৰ ওপৰত ৰখি থাকি পিছত ঘূৰি আহিবলৈ বাধ্য হয়।এই ঘটনাৰ পিছতই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটোলৈ সংশয় নামি অহাত সকলোৱে কঠোৰ সমালোচনা কৰিছে পঞ্জাৱ চৰকাৰক। কিন্তু পঞ্জাৱ চৰকাৰে এই অভিযোগ নাকচ কৰিছে।

তাৰপাছতেই বুধবাৰে দেশৰ বিভিন্ন স্থানত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘায়ু কামনা কৰি পূজা পাঠ কৰা হয়। অসমৰো বিভিন্ন খন জিলাত বিজেপিৰ নেতা-কৰ্মী সকলে পূজা-অৰ্চনা কৰে। নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি কেইবাখনো জিলাত বিজেপিৰ কৰ্মীসকলে পূজা-অৰ্চনা কৰে।

সন্ধিয়া উগ্ৰতাৰা দেৱালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোদীৰ নামত অনুষ্ঠিত কৰা পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে ”এজন মানুহ যিয়ে এক বিলিয়ন লোকৰ আশীৰ্বাদত মা ভাৰতীৰ বাবে অক্লান্তভাৱে কাম কৰি আছে তেওঁক কোনো দুষ্ট শক্তিয়ে স্পৰ্শ কৰি ক্ষতি কৰিব নোৱাৰে।”

আৰু পঢ়কঃ ৩৮ বছৰীয়া হ’ল দিলজিৎ দোচাঞ্জ ; শুভকামনাৰে উপচাইছে অনুৰাগীয়ে

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular