spot_img
24.9 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকপ্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ দাখিল

প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে আটছাৰ এজাহাৰ দাখিল

মৰিয়নিঃ যোৰহাটত ক’ভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কণ্টেইনমেন্ট জ’ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে ক’ভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। প্ৰাক্তন বিধায়কগৰাকীয়ে বাগিচা অঞ্চলত ক’ডিড প্ৰট’কল ভংগ কৰি ব্যাপক জনসমাগম কৰি সভা-সমিতি পাতি ফুৰাৰ অভিযোগ উত্থাপন হৈছে।

ৰূপজ্যোতি কুৰ্মীৰ কৰ্ম-কাণ্ডক লৈ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ অহাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে বিভিন্নজনে। উল্লেখ্য যে, প্ৰাক্তন বিধায়কগৰাকীৰ উদ্যোগত মৰিয়নিত দুখন বিশাল ৰাজহুৱা সভা আয়োজন হোৱাৰ বিপৰীতে চকুমুদা কুলিৰ ভাও লৈ আহিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে, আজি প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে ‘আটছা’ই মৰিয়নি আৰক্ষী থানাত ক’ভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে।

ইফালে আটছাৰ মৰিয়নি শাখাই আজি মূল্যবৃদ্ধি লগতে ৰূপজ্যোতি কুৰ্মীৰ ক’ভিড প্ৰট’কল ভংগৰ বিৰুদ্ধে মৰিয়নিৰ থানা তিনিআলিত হাতে হাতে প্লে’কাৰ্ড লৈ মানৱ-শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ‘আটছা’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মংগল গৰাইক, মৰিয়নি আঞ্চলিকৰ সম্পাদক দীনেশ চাহু আৰু সভাপতি বন্ধন গোৱালাকে ধৰি কেইবাগৰাকীও আটছা নেতা উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
few clouds
24.9 ° C
24.9 °
24.9 °
95 %
1.4kmh
23 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular